স্বাস্থ্যখণ্ডত মাচুল বৃদ্ধিৰ সিদ্ধান্তৰে সৰ্বসাধাৰণক পুনৰ মাধমাৰ

DY365
DY365
Published: August 2,2024 05:43 PM
DY365

Story highlights

সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ শোধাই চৰকাৰী চিকিত্‍সালয়ত বৃদ্ধি পালে মাচুল। বৃহস্পতিবাৰৰ পৰা পঞ্জীয়ন মাচুলকে ধৰি প্ৰতিবিধ পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হ’ল আৰু ইয়াক লৈ সৃষ্টি প্ৰতিক্ৰিয়াৰ।

২ আগষ্ট,২০২৪:জনহিত জনসেৱাৰ্থে গঠিত চৰকাৰৰ কাৰ্যকালতে সৰ্বসাধাৰণৰ মূৰত মাধমাৰ। তাকো চিকিত্‍সা ব্যয় বৃদ্ধিৰে একপ্ৰকাৰে অচল কৰি তুলিলে জনজীৱন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰতিটো সময়তে জনহিতৰ কথা কৈ আহিছে। সৰ্বাসাধাৰণৰ সুবিধা হোৱাকৈ নানান আঁচনি গ্ৰহণৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে অধিক ব্যয়বহুল কৰি তুলিলে চৰকাৰী চিকিত্‍সা সেৱা। চিকিত্‍সা সেৱাৰ মাচুল বৃদ্ধিৰে দৰিদ্ৰ-নিম্ন মধ্যবিত্তক মাধমাৰ। ১০০ৰ পৰা ৩০০ শতাংশ পৰ্যন্ত বৃদ্ধি চিকিত্‍সা সেৱাৰ মাচুল।



গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত চিকিত্‍সা সেৱাৰ পঞ্জীয়ন মাচুল ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি। প্ৰতিদিনৰ বেড চাৰ্জ পূৰ্বৰ ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি। ANA প্ৰফাইল টেষ্টৰ মাচুল ৩,০০০ টকাৰ পৰা ৩,৫০০ টকালৈ বৃদ্ধি। ক্ৰিয়েটিনিন পৰীক্ষাৰ মাচুল বৃদ্ধি পালে ৪০ টকাৰ পৰা ১০০ টকালৈ। তেজৰ CKMB পৰীক্ষাৰ মাচুল ৩১৫ টকাৰ পৰা ৬০০ টকালৈ, ৩০০ টকাৰ FOLATE পৰীক্ষাৰ মাচুল একেবাৰতে বাঢ়িল ৯০০ টকালৈ। আয়ৰণ প্ৰফাইল টেষ্ট ৬৬০ টকাৰ পৰা ১,১০০ টকালৈ, থাইৰয়দ প্ৰফাইল টেষ্টৰ মাচুল ৬০০ৰ পৰা ৮০০ টকালৈ, কেলছিয়াম পৰীক্ষা ৪০-৮০ টকা, প্ৰটিন ফানচন টেষ্ট ৯০-৩০০ টকা, ভিটামিন B12 ৭০০-১০০০ টকা, ফাষ্টিং ব্লাড ছুগাৰ ৩০-৬০ টকা, HBA1C টেষ্ট ২৮০-৪০০ টকা বৃদ্ধি কৰা হৈছে। পূৰ্বৰ ৮০ টকাৰ ট্ৰাইগ্লীচাৰিড টেষ্টৰ মাচুল ১৫০ টকালৈ, ইউৰিন ACR টেষ্ট ২৫০ টকাৰ পৰা ৩৫০ টকালৈ, RBS পৰীক্ষাৰ মাচুল ৩০ টকাৰ পৰা একেকোবে ৬০ টকা, লিপিড প্ৰফাইল পৰীক্ষা ৩৬৫-৫০০ টকা, লিভাৰ ফানচন টেষ্ট ৪১০-৯০০ টকা, HCG ৫০০-৭০০ টকালৈ বৃদ্ধি কৰা হ’ল। চিকিত্‍সা সেৱাৰ মাচুল বৃদ্ধিক লৈ এতিয়া সৰ্বত্ৰ তুমুল প্ৰতিক্ৰিয়া। মাচুল বৃদ্ধিৰ সিদ্ধান্তক হঠকাৰী আখ্যা ৰিপুণ বৰাৰ। চিকিত্সা সেৱাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ আহ্বান। দৰিদ্ৰৰ পকেট কাটি টকা উলিয়াব বিচাৰিছে চৰকাৰে। চিকিত্সালয় চলাবলৈ টকা নাই বাবে এতিয়া মাচুল বৃদ্ধিৰে বিপদত পেলাইছে সৰ্বসাধাৰণক- AIUDF ৰফিকুল ইছলাম। অৱশ্যে চৰকাৰক সুৰক্ষাৰে কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই ক’লে- মাচুল বৃদ্ধিত আমিও দুখ পাইছো যদিও আপত্তি কৰিবলগীয়াত একো বিশেষ নাই। ব্যক্তিগত খণ্ডত আয়ুষ্মান সেৱা বন্ধ নকৰিলে বন্ধ হ’ব চৰকাৰী চিকিত্‍সালয়। এনেদৰেই এতিয়া স্বাস্থ্য সেৱাত মাচুল বৃদ্ধিৰে একপ্ৰকাৰ সৰ্বসাধাৰণক মাধমাৰ শোধাইছে শাসনাধিষ্ঠ চৰকাৰখনে।




 


Related

TWITTER

FACEBOOK