চৰকাৰী চাকৰি কৰিব খোজাসকলৰ বাবে জৰুৰী জাননী

DY365
DY365
Published: July 29,2024 01:57 PM
DY365

Story highlights

চৰকাৰী চাকৰি কৰিব খোজাসকলৰ বাবে জৰুৰী জাননী। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা চাকৰি প্ৰত্যাশীক দিলে মুকলি বাৰ্তা। সকলোকে ১৫ আগষ্টৰ ভিতৰত এই কাম কৰাৰ নিৰ্দেশ।

২৯জুলাই,২০২৪:চৰকাৰী চাকৰি কৰিব খোজাসকলৰ বাবে জৰুৰী জাননী। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা চাকৰি প্ৰত্যাশীক দিলে মুকলি বাৰ্তা। সকলোকে ১৫ আগষ্টৰ ভিতৰত এই কাম কৰাৰ নিৰ্দেশ। কৰিব লাগিব EMPLOYMENT EXCHANGEত পুনৰ পঞ্জীয়ন। ২ জানুৱাৰী ২০২৪ৰ পূৰ্বে পঞ্জীয়ন কৰা সকলৰ বাবে পুনৰ পঞ্জীয়ন বাধ্যতামূলক। অন্যথা বাতিল হ’ব EMPLOYMENT EXCHANGEৰ পঞ্জীয়ন। সেৱা সেঁতু প’ৰ্টেলৰ জৰিয়তে কৰিব পাৰিব পুনৰ পঞ্জীয়ন। লগইন কৰক sewasetu.assam.gov.inত। RECRUITMENT অপচনত গৈ ক্লিক কৰক RE–REGISTRATION শিতানত।



আধাৰ কাৰ্ড থকা–নথকা সকলোৱে কৰিব পাৰিব পুনৰ পঞ্জীয়ন। সন্নিৱিষ্ট কৰিব লাগিব শেহতীয়া আপোনাৰ প্ৰতিটো তথ্য। শেহতীয়া প্ৰতিটো নথি–পত্ৰ আপলোড কৰিব লাগিব ৱেবছাইটত। আৱেদন দাখিলৰ পিছতে ডাউনলোড কৰক নতুন পঞ্জীয়ন পত্ৰ। আগন্তুক তৃতীয়–চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব এই পঞ্জীয়ন। 
 


Related

TWITTER

FACEBOOK