এগৰাকী আলজেৰিয়ান বক্সাৰক লৈ পেৰিছ অলিম্পিকত মহাবিতৰ্ক

DY365
DY365
Published: August 2,2024 05:00 PM
DY365

Story highlights

এগৰাকী আলজেৰিয়ান বক্সাৰক লৈ পেৰিছ অলিম্পিকত মহাবিতৰ্ক। ৪৬ ছেকেণ্ডতে বক্সিং ৰিঙৰ পৰা নামি আহিল ইটালীৰ প্ৰতিদ্বন্দ্বী। মহিলাৰূপে বক্সিং ৰিঙত নমা ইমানে খেলিফৰ লিংকক লৈ সন্দেহ।

২আগষ্ট,২০২৪:এগৰাকী আলজেৰিয়ান বক্সাৰক লৈ পেৰিছ অলিম্পিকত মহাবিতৰ্ক। ৪৬ ছেকেণ্ডতে বক্সিং ৰিঙৰ পৰা নামি আহিল ইটালীৰ প্ৰতিদ্বন্দ্বী। মহিলাৰূপে বক্সিং ৰিঙত নমা ইমানে খেলিফৰ লিংকক লৈ সন্দেহ। আলজেৰিয়ান খেলুৱৈগৰাকী তৃতীয় লিংগৰ বুলি পূৰ্বৰে পৰা বিতৰ্ক। ২০২৩ত ৱৰ্ল্ড চেম্পয়নশ্বিপৰ পৰা বাহিৰ কৰা হৈছিল খেলিফক। লিংগ নিৰূপণৰ পৰীক্ষাত ব্যৰ্থ হৈছিল আলজেৰিয়াৰ বক্সাৰগৰাকী। পেৰিছৰ বক্সিং ৰিঙত খেলিফক দেখি হতভম্ব হৈছিল ইটালীৰ এঞ্জেলা কেৰিনি। ৰিঙত মহিলা প্ৰতিদ্বন্দ্বীৰ দৰে ব্যৱহাৰ পোৱা নাছিল ইটালীৰ খেলুৱৈগৰাকীয়ে। আলজেৰিয়াৰ অলিম্পিক সংস্থাৰ মতে খেলিফৰ বিৰুদ্ধে অনা অভিযোগ ভিত্তিহীন। ইটালীৰ প্ৰধান মন্ত্ৰীয়েও আপত্তি দৰ্শাইছে খেলিফক মহিলা শাখাত খেলোৱাত। এয়া মহিলাৰ অধিকাৰ বিঘ্নিত কৰা প্ৰদক্ষেপঃ ইটালীৰ প্ৰধানমন্ত্ৰী। ইলন মাস্কে কৈছে মহিলাৰ শাখাত অন্য লিংগৰ খেলুৱৈ খেলোৱা অনুচিত। 


Related

TWITTER

FACEBOOK