মৃত্যুদণ্ডৰ শাস্তিৰ ৰায় দিয়াৰ পাছত কিয় কলমৰ নিব ভাঙি পেলায় ন্যায়াধীশে ?

DY365
DY365
Published: January 21,2025 06:54 PM
DY365

Story highlights

মৃত্যুদণ্ডৰ শাস্তিৰ ৰায় দিয়াৰ পাছত কিয় কলমৰ নিব ভাঙি পেলায় ন্যায়াধীশে ?

 ২১ জানুৱাৰী ২০২৫-   মৃত্যুদণ্ডৰ শাস্তিৰ ৰায় দিয়াৰ পাছত কিয় কলমৰ নিব ভাঙি পেলায় ন্যায়াধীশে ?



ভাৰতীয় আইন অনুসৰি ফাঁচী দিয়াটোৱেই হৈছে অপৰাধীৰ বাবে আটাইতকৈ ডাঙৰ শাস্তি। শুনানিৰ পিছত ন্যায়াধীশে যেতিয়া অপৰাধীৰ মৃত্যুদণ্ড ঘোষণা কৰে তেতিয়া ৰায়দানৰ পিছত কলমৰ নিব ভাঙি দিয়ে। কিন্তু আপোনাৰ মনত কেতিয়াবা প্ৰশ্ন আহিছেনে যে মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰাৰ পিছত ন্যায়াধীশে কিয় কলমৰ নিব ভাঙি দিয়ে? 
ন্যায়াধীশে মৃত্যুদণ্ডৰ ৰায় লিখা কলমৰ নিব কিয় ভাঙি পেলায় তাৰ আঁৰত কেইবাটাও প্ৰচলিত তত্ত্ব আছে। ইয়াৰ ভিতৰত- 



১) ন্যায়ৰ পবিত্ৰতাৰ প্ৰতীকঃ  মৃত্যুদণ্ড দিয়াটো এটা গুৰুতৰ আৰু ঐতিহাসিক সিদ্ধান্ত। ন্যায়াধীশে যেতিয়া এই সিদ্ধান্ত দিয়ে, তেতিয়া কলমৰ নিব ভাঙি দিয়াৰ অৰ্থ হ’ল তেওঁ এই সিদ্ধান্ত সম্পূৰ্ণ সততা, ন্যায়পৰায়ণতা আৰু গুৰুত্বসহকাৰে লৈছে। নিব ভাঙিলে ইংগিত দিয়া হয় যে এই সিদ্ধান্ত পুনৰ সলনি কৰিব নোৱাৰি আৰু ইয়েই চূড়ান্ত সিদ্ধান্ত।  



২) এনে জঘন্য অপৰাধ পুনৰ হ’ব নালাগে: ন্যায়িক ব্যৱস্থাত মৃত্যুদণ্ড আটাইতকৈ কঠোৰ শাস্তি। আদালতে অতি জঘন্য অপৰাধৰ বাবেহে দোষীক মৃত্যুদণ্ড শাস্তি প্ৰদান কৰে । ন্যায়াধীশে ৰায় দিয়াৰ পিছত কলমৰ নিব ভাঙিলে ইংগিত পোৱা যায় যে এনে গুৰুতৰ অপৰাধ পুনৰ ঘটিব নালাগে, যাৰ বাবে মৃত্যুৰ দৰে শাস্তি দিব লাগিব।



৩) সেই কলমটো পুনৰ ব্যৱহাৰ কৰিব নালাগে: যিটো কলমেৰে কাৰোবাৰ মৃত্যুদণ্ডৰ দৰে কঠোৰ শাস্তি লিখা হয়, সেই কলমটো পুনৰ ব্যৱহাৰ কৰিব নালাগে, এই ধাৰণাটোও এই পৰম্পৰাৰ আঁৰত আছে। 



৪)গোচৰৰ প্ৰতীক- মৃত্যুদণ্ডৰ ফলত অপৰাধীৰ জীৱন শেষ হয়। যিটো কলমেৰে দোষীৰ ৰায়দান লিখে, গোচৰৰ প্ৰতীক হিচাপে ন্যায়াধীশে সেই কলমটোৰ নিবটো ভাঙি পেলায় ।


Related

TWITTER

FACEBOOK