নিৰ্বাচনৰ প্ৰথম দুঘন্টাত ক’ত কিমান শতাংশ ভোটদান সম্পন্ন?

DY365
DY365
Published: April 19,2024 10:22 AM
DY365

Story highlights

পুৱা ৭ বজাৰ পৰাই দেশত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৯ বজালৈ সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত ত্ৰিপুৰাত। সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হৈছে লক্ষাদ্বীপত।

১৯ এপ্ৰিল, ২০২৪ঃ দেশত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ২১ খন ৰাজ্যৰ ১০২টা সমষ্টিত ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰাই আৰম্ভ হৈছে ভোটগ্ৰহণ। ১৬২৫ গৰাকী প্ৰাৰ্থিয়ে আগবঢ়াইছে প্ৰতিদ্বন্দিতা।



অসমত ৯ বজালৈকে ১১.১৫ শতাংশ ভোটদান সম্পন্ন। তামিলনাডুত ৮.২১%  ভোটদান। আন্দামান নিকোবৰ ৮.৬৪%  ভোটদান। বিহাৰ ৯.২৩%  ভোটদান। ছত্তীশগড় ১২.০২%  ভোটদান সম্পন্ন।



জম্মু কাশ্মীৰ ১০.৪৩% ভোটদান। মধ্যপ্ৰদেশ ১৫.০০%  ভোটদান। মহাৰাষ্ট্ৰ ৬.৯৮%  ভোটদান। মণিপুৰ ১০.৭৬% ভোটদান। অৰুণাচল প্ৰদেশ ৬.৯৮%  ভোটদান। পশ্চিমবংগত ১৫.০৯% ভোটদান সম্পন্ন। 



লক্ষাদ্বীপত ৫.৫৯ শতাংশ ভোটদান, মেঘালয়ত ১৩.৭১ শতাংশ ভোটদান, মিজোৰামত ১০.৮৪ শতাংশ ভোটদান, নাগালেণ্ডত ৯.৬৬ শতাংশ ভোটদান, পুডুচেৰীত ৮.৭৮ শতাংশ ভোটদান সম্পন্ন।



ৰাজস্থানত ১০.৬৭ শতাংশ ভোটদান, ছিকিমত ৭.৯০ শতাংশ ভোটদান, তামিলনাডুত ৮.২১ শতাংশ ভোটদান, ত্ৰিপুৰাত ১৫.২১ শতাংশ ভোটদান, উত্তৰ প্ৰদেশত ১২.৬৬ শতাংশ ভোটদান আৰু উত্তৰাখণ্ডত ১০.৫৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত।



পুৱা ৯ বজালৈ সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত ত্ৰিপুৰাত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৯ বজালৈকে সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত হৈছে ত্ৰিপুৰাত। ৰাজ্যখনত মুঠ ১৫.২১ শতাংশ ভোটদান হৈছে। পুৱা ৯ বজালৈকে সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হৈছে লক্ষাদ্বীপত। লক্ষাদ্বীপত ৫.৫৯ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। 


Related

TWITTER

FACEBOOK