২২ ফেব্ৰুৱাৰী ২০২৫- ৰাজধানী এক্সপ্ৰেছত হাহাকাৰ! TTEৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত যাত্ৰী
ৰাজধানী এক্সপ্ৰেছত মহা কুম্ভৰ পৰা উভতি অহা এটা পৰিয়ালৰ সৈতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পৰিয়ালটোৰ বিৰুদ্ধে বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰিলে ৰে’লৱে কৰ্মচাৰীয়ে। জানিব পৰা অনুসৰি পৰিয়ালটোৱে দিল্লীলৈ যাবলৈ অযোধ্যা এক্সপ্ৰেছত টিকট বুকিং কৰিছিল যদিও ৰে’লখন বাতিলৰ বাবে ৰাজধানী এক্সপ্ৰেছত উঠিছিল।
ৰেলখনে যাত্ৰা আৰম্ভ কৰাৰ পিছত যেতিয়া চেকিং ষ্টাফ আহিছিল, তেতিয়া চেকিং ষ্টাফে পৰিয়ালটোৰ পৰা জৰিমনাৰ উপৰিও বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল। পৰিয়ালৰ লোকে দিবলৈ অস্বীকাৰ কৰাত TTE কৰ্মচাৰীয়ে পৰিয়ালটোক নিৰ্মমভাৱে আক্ৰমণ কৰে। এই সময়ছোৱাত TTE কৰ্মচাৰীয়ে গৰ্ভৱতী আৰু বৃদ্ধ মহিলাকো ৰেহাই দিয়া নাছিল। জানিব পৰা অনুসৰি দুগৰাকী মহিলাকে ধৰি তিনিগৰাকী লোকৰ অৱস্থা সংকটজনক। বৰ্তমান আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালটোক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। এই বৰ্বৰ ঘটনাটো ডিব্ৰুগড়-নতুন দিল্লী ২০৫০৫ চনৰ ৰাজধানী এক্সপ্ৰেছত সংঘটিত হৈছিল।
ৰেলখন বৰেলীত উপস্থিত হোৱাৰ লগে লগে ভুক্তভোগী পৰিয়ালে জি আৰ পিৰ পৰা সহায় বিচাৰিছিল।
উল্লেখ্য যে দিল্লীৰ ছাটাৰপুৰৰ নিৱাসী ভাৰত ভূষনে যোৱা ১৫ ফেব্ৰুৱাৰীত পৰিয়ালৰ সৈতে মহা কুম্ভ স্নান কৰিবলৈ গৈছিল। পত্নী, দুজন পুত্ৰ, দুগৰাকী বোৱাৰী, বৃদ্ধ মাক আৰু কন্যাক লগত লৈ গৈছিল ভাৰত ভূষণে। বুধবাৰে পুৱা প্ৰয়াগৰাজৰ পৰা লক্ষ্ণৌত উপস্থিত হয় ভাৰত ভূষণ। অযোধ্যা এক্সপ্ৰেছেৰে দিল্লীলৈ উভতি যাবলগীয়া আছিল যদিও ৰেলখন বাতিল হোৱাত তেওঁ পৰিয়ালৰ সৈতে ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ লক্ষ্ণৌৰ পৰা ৰাজধানী এক্সপ্ৰেছত উঠিছিল।
অভিযোগ অনুসৰি TTEয়ে ভাৰত ভূষণৰ পৰা জৰিমনা আৰু উৎকোচকে ধৰি প্ৰতিগৰাকী লোকৰ পৰা ৭,৫০০ টকাকৈ বিচাৰিছিল। পৰিয়ালৰ লোকে কয় যে জৰিমনাসহ টিকটৰ খৰচ আমাৰ পৰা লওক কিন্তু কোনো ধৰণৰ উৎকোচ নিদিয়ে। এই কথাত ক্ষোভিত হৈ পৰিল ৰে’লখনৰ TTE ষ্টাফ। তাৰ পিছতেই TTE ষ্টাফে ভাৰত ভূষণক মাৰপিট কৰিবলৈ ধৰিলে। যেতিয়া পৰিয়ালে তেওঁক বচাবলৈ চেষ্টা কৰিছিল তেতিয়া TTE কৰ্মচাৰীয়ে আনকি মহিলাসকলকো ৰেহাই নিদিলে। মহিলাকেইগৰাকীকো টানি নি নৃশংসভাৱে প্ৰহাৰ কৰে। এতিয়া ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীক আবেদন জনাইছে পৰিয়ালটোৰ লোকে।