২৩ ফেব্ৰুৱাৰী ২০২৫- বিশ্বৰ বিশ্বৰ আটাইতকৈ প্ৰদূষিত নদীবোৰ
ভাৰতবৰ্ষত নদীক কেৱল পানীৰ উৎস হিচাপেই নহয়, পূজাযোগ্য আৰু সভ্যতাৰ মাতৃ হিচাপেও গণ্য কৰা হয়। গংগা, যমুনা আৰু ব্ৰহ্মপুত্ৰৰ ধৰ্মীয় গুৰুত্বৰ বিষয়ে আমি সকলোৱে অৱগত। কিন্তু, ক্ৰমবৰ্ধমান ঔদ্যোগীকৰণ, নগৰায়ন আৰু আৱৰ্জনাবোৰৰ বাবে জীৱনদায়ক নদীবোৰ ক্ৰমাত প্ৰদূষিত নদীলৈ পৰিণত হৈছে। যাৰ আটাইতকৈ ডাঙৰ উদাহৰণ আমাৰ দেশৰ যমুনা নদী। গংগা নদীৰ দৰে যমুনা নদীকো ভাৰতত পবিত্ৰ নদী বুলি গণ্য কৰা হয়। কিন্তু যমুনা নদী যিমান পবিত্ৰ সিমানেই লেতেৰা আৰু প্ৰদূষিতও। শেহতীয়া দিল্লী বিধানসভা নিৰ্বাচনত যমুনা পৰিষ্কাৰ কৰাটো এটা ডাঙৰ বিষয় আছিল। তলত বিশ্বৰ আটাইতকৈ প্ৰদূষিত নদীবোৰৰ নাম উল্লেখ কৰা হল-
কুয়াহোগা-
কুয়াহোগা আমেৰিকাৰ এখন প্ৰধান নদী। এই নদীখন ১৯৫০ চনত লাইমলাইটলৈ আহিছিল। আচলতে এই নদীখনত ১৯৫০ চনত জুই লাগিছিল। উদ্যোগৰ পৰা হোৱা প্ৰদূষণ আৰু পানীত থকা জ্বলনশীল ৰাসায়নিক পদাৰ্থৰ বাবে এই নদীত জুই লাগিল। সেই ঘটনাৰ পিছতে এই নদীখন পৰিষ্কাৰ কৰাৰ অভিযান আৰম্ভ কৰা হয়। কিন্তু আজিও এই নদীখন সম্পূৰ্ণ অপৰিষ্কাৰ হৈ আছে।
মাটাঞ্জা-
আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰ্ছৰ ওচৰতে মাটাঞ্জা নদী বৈ যায়। যমুনাৰ দৰেই মাটাঞ্জা নদীও প্ৰদূষণৰ বাবে মৃত্যুমুখত পৰিছে, যাক ৰিয়াচুৱেলো বুলিও কোৱা হয়। ১৯৯৩ চনত এই নদীখন পৰিষ্কাৰ কৰিবলৈ কোটি কোটি টকা মুকলি কৰি দিয়া হৈছিল যদিও আজিও পৰিস্থিতি একেই আছে। বিশ্বৰ আটাইতকৈ লেতেৰা নদীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে মাটাঞ্জা।
মিচিচিপি-
আমেৰিকাৰ মিচিচিপি নদীৰ নামো বিশ্বৰ আটাইতকৈ লেতেৰা নদীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই নদীত প্ৰদূষণৰ পৰিমাণ ইমানেই বেছি যে ইয়াৰ পাৰক ডেড জ’ন বুলিও কোৱা হয়। ই আমেৰিকাৰ ৩১খন ৰাজ্য আৰু কানাডাৰ ২খন ৰাজ্যৰ মাজেৰে বৈ গৈ মেক্সিকো উপসাগৰত পৰে। মিনিয়াপলিছ, চেণ্ট লুইছ, মেম্ফিছ আৰু নিউ অৰলিন্সৰ দৰে ডাঙৰ চহৰ এই নদীৰ পাৰত অৱস্থিত।
গংগা নদী-
ভাৰতৰ আটাইতকৈ পবিত্ৰ নদী গংগাকো বিশ্বৰ আটাইতকৈ প্ৰদূষিত নদীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই নদীখন পৰিষ্কাৰ কৰিবলৈ কেন্দ্রীয় চৰকাৰে নমামি গংগাৰ দৰে এটা প্রকল্পও আৰম্ভ কৰিছে৷ বেনাৰস, পাটনা, কানপুৰ, প্ৰয়াগৰাজৰ দৰে বহু বৃহৎ চহৰ গংগাৰ পাৰত অৱস্থিত। গংগা নদী পৰিষ্কাৰ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগা ৰিজুভেনেচন নামেৰে মন্ত্ৰালয়ো গঠন কৰিছে।
পুৰণি গংগা-
আমাৰ চুবুৰীয়া দেশ বাংলাদেশত বৈ যোৱা পুৰণি গংগাখনো প্ৰদূষণৰ আক্ৰমণত ভুগিছে। এই নদীৰ পাৰত প্ৰায় ৪০ লাখ জনসংখ্যা বসতি স্থাপন কৰা হৈছে। ইয়াৰ পিছতো এই নদীখন পৰিষ্কাৰ কৰিবলৈ কোনো ধৰণৰ সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা নহয়। কাৰখানাবোৰৰ পৰা ওলোৱা মলি আৰু জাবৰ পোনে পোনে এই নদীত সোমাই যায়। এই নদীৰ মৃত জীৱ-জন্তু, মুকলি নলা-নৰ্দমা আৰু প্লাষ্টিকে ইয়াৰ পানী বিষাক্ত আৰু প্ৰদূষিত কৰি তোলে।
হালধীয়া নদী-
চীনত দ্ৰুতগতিত বৃদ্ধি পোৱা ঔদ্যোগিক বিপ্লৱৰ বোজা চীনৰ নদীসমূহেও বহন কৰি আছে। বিশ্বৰ আটাইতকৈ প্ৰদূষিত নদীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে চীনৰ হালধীয়া নদী। এটা সময় আহিল যেতিয়া হালধীয়া নদীৰ হালধীয়া পানী ৰঙা হৈ পৰিল।
জৰ্ডান নদী-
জৰ্ডান, ইজৰাইল আৰু পেলেষ্টাইনকে ধৰি তিনিখন দেশৰ মাজেৰে এই নদীখন পাৰ হৈ গৈছে। ভাৰতত গংগা নদী যেনেকৈ গুৰুত্বপূৰ্ণ, ঠিক সেইদৰে জৰ্ডানতো এই নদীক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কাৰণ যীচু খ্ৰীষ্টই ইয়াত বাপ্তিস্ম লৈছিল। যাৰ বাবে খ্ৰীষ্টান, ইহুদী আৰু ইছলাম ধৰ্মত ইয়াৰ গুৰুত্বপূৰ্ণ তাৎপৰ্য আছে পানীৰ চাহিদা বৃদ্ধি আৰু প্ৰদূষণৰ বাবে আজি এই নদীখনে নিজৰ অস্তিত্বৰ বাবে যুঁজিছে।