ভাৰতৰ আটাইতকৈ ধনী আৰু দুখীয়া মুখ্যমন্ত্ৰী

DY365
DY365
Published: February 23,2025 06:14 PM
DY365

Story highlights

ভাৰতৰ আটাইতকৈ ধনী আৰু দুখীয়া মুখ্যমন্ত্ৰী

২৩  ফেব্ৰুৱাৰী ২০২৫-   ভাৰতৰ আটাইতকৈ ধনী আৰু দুখীয়া মুখ্যমন্ত্ৰী



ৰাজনৈতিক নেতাসকল ধনী হোৱাটো সাধাৰণ কথা। ভাৰতত ৰাজনীতিবিদৰ বিষয়ে প্ৰায়ে কোৱা হয় যে তেওঁলোকৰ হাতত বহুত টকা আৰু সম্পত্তি আছে। কিন্তু আপুনি জানেনে ভাৰতৰ আটাইতকৈ ধনী আৰু দৰিদ্ৰ মুখ্যমন্ত্ৰী কোন? তেওঁলোকৰ সৰ্বমুঠ সম্পত্তি জানিলে আপুনিও আচৰিত হ'ব। আজি আমি আপোনালোকক ক'ম ভাৰতৰ আটাইতকৈ ধনী আৰু দৰিদ্ৰ মুখ্যমন্ত্ৰীসকলৰ বিষয়ে।




ভাৰতত নিৰ্বাচনৰ পূৰ্বে সকলো নেতাই নিজৰ সম্পত্তিৰ তথ্য দিব লাগে। আইন অনুসৰি নেতাসকলে নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনৰ শপতনামাত নিজৰ আয় আৰু সম্পত্তিৰ সবিশেষ তথ্য দিব লাগে। কেৱল এয়াই নহয়, যদি কোনো নেতাই নিজৰ সম্পত্তিৰ সঠিক তথ্য নিদিয়ে বা আয়কৰ ৰিটাৰ্ণ আৰু নিৰ্বাচনী শপতনামাত দিয়া তথ্যৰ পাৰ্থক্য দেখা যায়, তেন্তে তেনে নেতাৰ বিৰুদ্ধে  আয়কৰ আইন ১৯৬১, বেনামি সম্পত্তি লেনদেন আইন ১৯৮৮ আৰু ২০১৫ চনৰ ক’লা ধন সম্পৰ্কীয় আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।



 এতিয়া প্ৰশ্ন হয় ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন? আপোনালোকক কওঁ যে এছ’চিয়েশ্যন অৱ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ (এডিআৰ) প্ৰতিবেদন অনুসৰি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু ভাৰতৰ সৰ্বাধিক ধনী মুখ্যমন্ত্ৰী যাৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯৩১ কোটি টকা। ইয়াৰ পিছত তৃতীয় স্থানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু (৩৩২.৫৭ কোটি টকা) আৰু কৰ্ণাটকৰ সিদ্দাৰমাইয়া (৫১.৯৪ কোটি টকা)। 



এতিয়া প্ৰশ্ন হয় ভাৰতৰ কোনজন মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ পৰিমান আটাইতকৈ কম। এছ’চিয়েশ্যন অৱ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদন অনুসৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সম্পত্তি সৰ্বনিম্ন। মমতা বেনাৰ্জীয়ে দিয়া সম্পত্তিৰ সবিশেষ অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ১৫.৩৮ লাখ টকা। অৰ্থাত মমতা বেনাৰ্জী ভাৰতৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী।


Related

TWITTER

FACEBOOK