পাকিস্তানৰ ভূমিত বাজি উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত

DY365
DY365
Published: February 22,2025 09:13 PM
DY365

Story highlights

পাকিস্তানৰ ভূমিত বাজি উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত

২২ ফেব্ৰুৱাৰী ২০২৫- পাকিস্তানৰ ভূমিত বাজি উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত



 অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ খেলখনত এক বৃহৎ অথন্তৰ সংঘটিত হৈছে। আয়োজন দেশ পাকিস্তানত হঠাতেই আজিৰ খেলখনত বাজি উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। পাকিস্তানৰ লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত সংঘটিত হৈছে এই ঘটনা। অতি সোনকালেই আয়োজকসকলে তেওঁলোকৰ ভুল শুধৰাই ৰাষ্ট্ৰীয় সংগীতটো সলনি কৰি দিয়ে যদিও এই দৃশ্যটো ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।



কিন্তু আচৰিত কথাটো হল ৰাজনৈতিক উত্তেজনাৰ বাবে এইবাৰৰ চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলৰ অধীনত অনুষ্ঠিত হৈছে। যাৰ বাবে টীম ইণ্ডিয়াৰ চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ পাকিস্তানৰ পৰিৱৰ্তে ডুবাইত অনুষ্ঠিত হৈছে। গতিকে এনে পৰিস্থিতিত আয়োজকসকলৰ এনে ভুল সঁচাকৈয়ে আচহুৱা আছিল।




উল্লেখ্য যে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ দুয়োটা দলৰ খেলুৱৈসকলে যেতিয়া জাতীয় সংগীত পৰিৱেশনৰ বাবে খেলপথাৰলৈ আহিছিল, সেই সময়ছোৱাত আয়োজকসকলে ভুলতে অষ্ট্ৰেলিয়াৰ জাতীয় সংগীতৰ সলনি ভাৰতীয় জাতীয় সংগীত বজাইছিল। কিন্তু সময়ত সমিতিয়ে নিজৰ ভুলটো শুধৰাই দিলে। অৱশ্যে তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। এই ঘটনাৰ কিছু ছবি আৰু ভিডিঅ’ অতি দ্ৰুতগতিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে আৰু মানুহে পাকিস্তানক ঠাট্টা-মস্কৰা কৰিছে।


Related

TWITTER

FACEBOOK