১৫ফেব্ৰুৱাৰী ২০২৫- ভয়ংকৰ দুৰ্ঘটনা! ১০জনৰ কৰুণ মৃত্যু
পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু বলেৰ’ বাহনৰ প্ৰচণ্ড সংঘৰ্ষত ১০জনকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি গৈছে। তথ্য অনুসৰি শুকুৰবাৰে সন্ধিয়া প্ৰয়াগৰাজ-মিৰ্জাপুৰ ঘাইপথত ভক্তৰে ভৰা এখন বলেৰো গাড়ী আৰু এখন বাছৰ মুখামুখি সংঘৰ্ষত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহতসকলক ততালিকে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহনতেই আছিল কুম্ভমেলালৈ যোৱা ভক্ত। এই ভয়ংকৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।