মহাকাশত  চিঙৰা খাই ভালপোৱা সুনিতা উইলিয়ামছ সাজু হৈছে পুনৰ মহাকাশ উৰণৰ বাবে

DY365
DY365
Published: May 6,2024 02:33 PM
DY365

Story highlights

মহাকাশত  চিঙৰা খাই ভালপোৱা ভাৰতীয় মূলৰ মহাকাশ বিজ্ঞানী সুনীতা উইলিয়ামছ তৃতীয় বাৰলৈ উৰা মাৰিব মহাকাশলৈ ।

৬ মে'২০২৪: পুনৰ মহাকাশ উৰণৰ বাবে সাজু হৈছে ভাৰতীয় মূলৰ সুনিতা উইলিয়ামছ। মহাকাশত  চিঙৰা খাই ভালপোৱা সুনীতা উইলিয়ামছ তৃতীয় বাৰলৈ উৰা মাৰিব মহাকাশলৈ।  নতুন মহাকাশযান বয়িং ষ্টাৰলাইনাৰ সৈতে এইটো মাহৰ  ৭ মে’ত মহাকাশলৈ উৰা মাৰিব সুনিতা উইলিয়ামছে।



কেনেডী স্পেচ চেণ্টাৰৰ পৰা ৭ মে’ত ভাৰতীয় সময় মতে ৮ বাজি ৪ মিনিটত উৰা মাৰিব বয়িং ষ্টাৰলাইনে। লঞ্চ পেডত প্ৰশিক্ষণ লৈ থাকোঁতে  উইলিয়ামছে কয়, “যেতিয়া মই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপনীত হ'ম তেতিয়া মই ঘৰলৈ উভতি যোৱাৰ দৰে হ'ব।



NASAৰ জৰিয়তে মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ দ্ৱিতীয় গৰাকী মহিলা মহাকাশচাৰী সুনিতা উইলিয়ামছ।  সুনিতা উইলিয়ামছৰ পূৰ্বপূৰুষ আছিল গুজৰাটৰ।   


Related

TWITTER

FACEBOOK