১৯ জানুৱাৰী ২০২৫- অদ্ভুত কাণ্ড! চোৰে লুটি নিলে লাখ লাখ টকাৰ চুলি
হাৰিয়ানাৰ ফৰিদাবাদত ৰুজু হৈছে এক অদ্ভুত গোচৰ। ৰাজ্যখনৰ এজন ব্যৱসায়ীৰ পৰা চোৰে লুটি নিলে লাখ লাখ টকাৰ এবিধ সামগ্ৰী। পিছে আপুনি ভবাৰ নিচিনাকৈ এই লাখ লাখ টকাৰ সামগ্ৰীবিধ কিন্তু কোনো মূল্যৱান ধাতু,গহনা বা আন কোনো সামগ্ৰী নহয়, বৰঞ্চ চোৰে লুটি নিলে মানুহৰ মূৰৰ চুলিহে। ফৰিদাবাদৰ ছেক্টৰ-১৬ৰ দৌলাতাবাদ গাঁৱত এজন ব্যৱসায়ীৰ সৈতে সংঘটিত হৈছে এই আজৱ ঘটনা। ইতিমধ্যে ব্যৱসায়ীজনে এই চুৰিকাণ্ডৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। আনহাতে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত লাভ কৰিছে CCTV ফুটেজো। CCTV ফুটেজ লাভ কৰাৰ পিছতেই আৰক্ষীয়ে এই চুৰিকাণ্ড সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
তথ্য অনুসৰি পশ্চিম বংগৰ নাদিয়া জিলাৰ ৰঞ্জিত মণ্ডল নামৰ এজন ব্যৱসায়ীয়ে দীৰ্ঘদিনে ধৰি ফৰিদাবাদৰ ১৬ নং ছেক্টৰ এলেকাৰ অন্তৰ্গত দৌলাতাবাদত গাঁৱত ভাড়াতীয়াকৈ জীৱন নিৰ্বাহ কৰি মানুহৰ চুলিৰ ব্যৱসায় কৰি আহিছিল। ১৪ জানুৱাৰীৰ নিশা চোৰে ৰঞ্জিতৰ ঘৰত প্ৰৱেশ কৰি ১১০ কেজি ওজনৰ ৪ বেগ চুলি চোৰ কৰি লৈ যোৱাৰ লগতে চুলিৰ মাজত লুকুৱাই ৰখা তেওঁৰ নগদ ২ লাখ ১৩হাজাৰ টকাও লৈ যায়। ৰঞ্জিতৰ চুৰি হোৱা প্ৰতি কেজি চুলিৰ মূল্য আছিল ৫ হাজাৰকৈ টকা। অৰ্থাত ব্যৱসায়ীজনৰ পৰা সৰ্বমুঠ চোৰে লৈ গ'ল ৭.৫ লাখতকৈ অধিক মূল্যৰ চুলি আৰু নগদ ধন।
এই অভিযোগ লাভ কৰাৰ পিছতেই ফৰিদাবাদ আৰক্ষীৰ বিষয়া যশপাল সিঙে কয় যে আৰক্ষীয়ে CCTVৰ জৰিয়তে চোৰক বিচাৰিবলৈ আৰম্ভ কৰিছে। CCTVৰ ফুটেজত দুজন ব্যক্তি আৱদ্ধ হৈছে য'ত ব্যক্তিদুজনে চুলিৰ বস্তা লৈ যোৱা দৃশ্য বন্দী হৈছে। শীঘ্ৰেই চোৰক গ্ৰেপ্তাৰ কৰা হ'ব বুলিও আৰক্ষীৰ বিষয়াগৰাকীয়ে এতিয়া আশ্বাস দিছে।