২১ ফেব্ৰুৱাৰী ২০২৫- ভয়ংকৰ পথ দুৰ্ঘটনাত স্বামী-স্ত্ৰীসহ ৬জনৰ কৰুণ মৃত্যু
উত্তৰ প্ৰদেশৰ বাৰাণসী-প্ৰয়াগৰাজ ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। য’ত মহাকুম্ভ মেলালৈ যোৱা এখন ভক্তৰ গাড়ীয়ে ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত স্বামী-স্ত্ৰীসহ ৬জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫জন লোক গুৰুতৰভাৱে আহত হৈছে। বাৰাণসীৰ মিৰ্জামুৰাদ থানা এলেকাৰ জি টি ৰোডত সংঘটিত হৈছে এই ঘটনা।
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু স্থানীয় প্ৰশাসনে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। উদ্ধাৰ অভিযানৰ অংশ হিচাপে আহতসকলক গাড়ীৰ পৰা উলিয়াই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। গাড়ীখনত মুঠ ১১ জন লোক আছিল, ইয়াৰে ৬ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জন গুৰুতৰভাৱে আহত হয়। আহতসকলক বি এইচ ইউৰ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাটোত আহত লোকসকলৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। একে সময়তে নিহতসকলৰ অধিকাংশই কৰ্ণাটক ৰাজ্যৰ বিদাৰ জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বাৰাণসী আৰক্ষীয়ে কৰ্ণাটক আৰক্ষীক খবৰ দি গোচৰৰ তদন্ত আৰম্ভ কৰিছে।
বাৰাণসী আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাৰ কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। চালকে ট্ৰাকখন কিয় ৰখাইছিল আৰু চালকৰ গাফিলতিৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈছে নেকি সেই বিষয়েও তদন্ত চলি আছে।