২৩ ফেব্ৰুৱাৰী ২০২৫- বায়’মেট্ৰিক ভেৰিফিকেচন অবিহনে নাপাব চিম কাৰ্ড
দেশত চিম কাৰ্ড ক্ৰয়ৰ ক্ষেত্ৰত থকা নিয়ম এতিয়া কঠোৰ হৈ পৰিছে। দৰাচলতে কিছুদিনৰ পৰা চাইবাৰ অপৰাধৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ বাবেই তথ্য চুৰিৰ সমান্তৰালকৈ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। সেয়ে এই ঘটনা ৰোধ কৰিবলৈ চৰকাৰে কটকটীয়া কৰিছে চিম কাৰ্ডৰ নিয়ম। দৰাচলতে চাইবাৰ অপৰাধৰ ঘটনাত ভুৱা চিম কাৰ্ডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ বাবেই টেলিকম কোম্পানীসমূহক নিৰ্দেশনা দিছে কেন্দ্ৰই।
কেন্দ্ৰীয় চৰকাৰৰ টেলিকম বিভাগে সকলো টেলিকম কোম্পানীক ডিজিটেল ইন্টিগ্ৰেটেড ভেৰিফিকেচনৰ চিষ্টেম ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে । অৰ্থাৎ এতিয়াৰে পৰা গ্ৰাহক চিনাক্তকৰণৰ বাবে কঠোৰ নিয়ম গ্ৰহণ কৰা হ’ব আৰু চিম কাৰ্ড বিক্ৰী কৰাৰ পূৰ্বে কোম্পানীসমূহে বিভিন্ন পেৰামিটাৰত পৰীক্ষা কৰিব লাগিব। এতিয়া বায়’মেট্ৰিক ভেৰিফিকেচন অবিহনে কোনো গ্ৰাহকে চিম কাৰ্ড ক্ৰয় কৰিব নোৱাৰিব। অৰ্থাৎ চিম কাৰ্ড বিক্ৰী কৰাৰ পূৰ্বে কোম্পানীসমূহে নিজৰ বায়’মেট্ৰিক ভেৰিফিকেচনো কৰিব লাগিব। লগতে চিম কাৰ্ড দিয়াৰ পূৰ্বে কোম্পানীসমূহে ১০টা ভিন্ন কোণৰ পৰা গ্ৰাহকৰ ফটো তুলিব লাগিব। ইয়াৰ উপৰিও গ্ৰাহকৰ নামত ইতিমধ্যে কিমান সংযোগ চলি আছে আৰু তেওঁ বিভিন্ন নামত সংযোগ লৈছে নে নাই সেয়াও পৰীক্ষা কৰা হ’ব।
চাইবাৰ জালিয়াতি বন্ধ কৰাৰ বাবে চৰকাৰে ভুৱা চিম কাৰ্ডৰ বিৰুদ্ধে ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যন্ত ২.৫ কোটি ভুৱা চিম কাৰ্ড ব্লক কৰা হৈছে। শেহতীয়া খবৰ অনুসৰি বিহাৰতো ২৭ লাখ চিম কাৰ্ড ব্লক কৰা হ’ব। দৰাচলতে বিহাৰত ৯ খনতকৈ অধিক চিম কাৰ্ড থকা সেইসকল লোকৰ চিম কাৰ্ড ব্লক কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। বৰ্তমান এই লোকসকলক ৯০ দিনৰ সময় দিয়া হৈছে। এই সময়ছোৱাত তেওঁলোকে কোনটো ৯টা নম্বৰ সক্ৰিয় কৰি ৰাখিব বিচাৰে সেই সম্পৰ্কে তথ্য দিব লাগিব। যদি তেওঁলোকে এই তথ্য নিদিয়ে তেনেহলে চিম কাৰ্ডসমূহ ব্লক কৰা হ’ব।