১৯ জানুৱাৰী ২০২৫- মাদ্ৰাছাত অন্তৰ্ভুক্ত হ’ব সংস্কৃত ভাষা, শিকোৱা হ’ব শ্ৰীৰামৰ কাহিনী
উত্তৰাখণ্ডৰ ৱাকফ ব’ৰ্ডে ৰাজ্যখনৰ প্ৰথমখন আধুনিক মাদ্ৰাছা প্ৰতিষ্ঠা কৰিছে। য’ত NCERTৰ পাঠ্যক্ৰমৰ অধীনত শিক্ষা প্ৰদান কৰা হ’ব। আৰবী ভাষাৰ বাহিৰেও মাদ্ৰাছাত এতিয়াৰে পৰা সংস্কৃত বিষয়টো এটা ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াৰ লগতে ভগৱান ৰামৰ সৈতে জড়িত গ্ৰন্থও অধ্যয়ন কৰিব পাৰিব ছাত্ৰসকলে। উত্তৰাখণ্ডৰ ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ ছাদাব শ্বামছে জনোৱা অনুসৰি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই মাদ্ৰাছাখন।
এই মাদ্ৰাছাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ পাঠ্যক্ৰমৰ অধীনত ৰাতিপুৱাৰ ভাগত সাধাৰণ বিষয়সমূহ অধ্যয়ন কৰিব। আনহাতে সন্ধিয়াটো ছাত্ৰ-ছাত্ৰীৰ পছন্দ অনুসৰি কোৰান, হজৰত মহম্মদৰ শিক্ষা বা ভগৱান ৰামৰ সৈতে জড়িত গ্ৰন্থকে ধৰি ধৰ্মীয় শিক্ষাৰ বাবে সংৰক্ষিত কৰা হ’ব। অধ্যক্ষগৰাকীয়ে কয়, “আমাৰ লক্ষ্য হৈছে এখন সুন্দৰ ভাৰত গঢ়ি তোলা, য’ত সকলো শিশুৱে সম শিক্ষা আৰু প্ৰগতিৰ সমান সুযোগ লাভ কৰিব।” তেওঁ কয় যে ৱাকফ ব’ৰ্ডে এই আধুনিক মাদ্ৰাছাসমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া শিক্ষা, ইউনিফৰ্ম আৰু কিতাপৰ ব্যৱস্থা কৰিব।
ছাদাব শ্বামছে জনোৱা মতে, মাদ্ৰাছাত প্ৰাক্তন সেনা জোৱানক শাৰীৰিক প্ৰশিক্ষণ বিভাগৰ শিক্ষক হিচাপে নিযুক্তি দিয়া হ’ব। যাতে ছাত্ৰ-ছাত্ৰীসকল ফিট হৈ থাকে আৰু তেওঁলোকৰ মাজত দেশপ্ৰেমৰ ভাৱ জগাই তুলিব পাৰে। ইয়াৰ লগতে মাদ্ৰাছাত নিযুক্তি দিয়া হ’ব সংস্কৃত শিক্ষকো ।
উত্তৰাখণ্ডত মুঠ ৪১৯খন মাদ্ৰাছা পঞ্জীয়ন কৰা হৈছে, ইয়াৰে ৱাকফ ব’ৰ্ডে বৰ্তমান ১১৭খন মাদ্ৰাছা চলাই আছে। ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ ছাদাব শ্বামছে কয় যে ৰাজ্যখনৰ বেছিভাগ মাদ্ৰাছাই উচ্চমানৰ শিক্ষা প্ৰদান কৰি আহিছে।