১৬ মাৰ্চ, ২০২৫- অৱসৰ! ক্ৰিকেটক কেতিয়া বিদায় জনাব কোহলীয়ে?
ক্ৰিকেটক কেতিয়া বিদায় জনাব ভাৰতীয় দলৰ ষ্টাৰ বেটছমেন বিৰাট কোহলীয়ে? আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ সন্দৰ্ভত মুখ খুলিছে বিশ্ব ক্ৰিকেটৰ তাৰকাগৰাকীয়ে। শেহতীয়াতকৈ চেম্পিয়নছ ট্ৰফীৰ পিছতেই ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা, তাৰকা বেটছমেন বিৰাট কোহলী আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই আন্তৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাব বুলি চৰ্চা চলিছিল। এনে চৰ্চাৰ মাজতেই ৰোহিত শৰ্মাই চেম্পিয়নছ ট্ৰফী জয়ৰ পিছত কৈছিল- এই মূহুৰ্তত মোৰ অৱসৰ লোৱাৰ কোনো পৰিকল্পনা নাই। তাৰ পিছতেই অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই চছিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক উৰাবাতৰিক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনাই অৱসৰৰ খবৰ নস্যাত কৰিছিল। ইয়াৰ পিছতেই এইবাৰ অৱসৰ সন্দৰ্ভত আৰচিবিৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিৰাট কোহলীয়ে কলে- মই কোনো ঘোষণা কৰা নাই। এতিয়ালৈকে সকলো ঠিকেই আছে। মই এতিয়াও ক্ৰিকেট খেলি ভাল পাওঁ।' মোৰ কোনো মাইলৰ খুঁটি অৰ্জন কৰাৰ হেঁপাহ নাই। ‘মোৰ বাবে এতিয়া খেলাটো হৈছে আনন্দ, প্ৰতিযোগিতামূলক মনোভাৱ আৰু খেলৰ প্ৰতি প্ৰেম। যেতিয়ালৈকে মোৰ খেলৰ প্ৰতি প্ৰেম থাকিব, মই ক্ৰিকেট খেলি থাকিম।'
উল্লেখ্য যে সদ্যসমাপ্ত চেম্পিয়নছ ট্ৰফীত টীম ইণ্ডিয়াৰ জয়ত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল কিং কোহলীয়ে। প্ৰতিযোগিতাখনত বিৰাট কোহলীয়ে ৫খন মেচত সংগ্ৰহ কৰিছিল ২১৮ ৰান। ইয়াৰ ভিতৰত পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলিৰ ১০০ ৰানৰ ঐতিহাসিক ইনিংছটোও আছিল। আনহাতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও ছেমি ফাইনেলত বিৰাট কোহলীয়ে ৮৪ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল।