ৰাজপথত প্ৰতিবাদ- 'পুৰুষসকল ATM নহয়'

DY365
DY365
Published: December 31,2024 06:17 PM
DY365

Story highlights

ৰাজপথত প্ৰতিবাদ- 'পুৰুষসকল ATM নহয়'


৩১ ডিচেম্বৰ,২০২৪-  ৰাজপথত প্ৰতিবাদ- 'পুৰুষসকল ATM নহয়'
গুজৰাটৰ চুৰাট চহৰত একাংশ পুৰুষে নিজৰ পত্নীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ওলাই আহিল ৰাজপথলৈ। চুৰাটৰ অষ্টম লাইন চক্ৰত থিয় হৈ হাতে হাতে প্লেকাৰ্ড লৈ পুৰুষ আয়োগ গঠনৰো দাবী কৰিলে প্ৰতিবাদী পুৰুষসকলে। 
ঘটনা অনুসৰি বেংগালুৰুৰ অতুল সুভাষ নামৰ এজন অভিযন্তাই ভিডিঅ’যোগে পত্নীয়ে তেওঁক মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি চৰম পন্থা বাছি লৈছিল। অতুল সুভাষৰ চৰম পন্থাৰ বিৰুদ্ধে অষ্টম লাইন চক্ৰত একাংশ পুৰুষে হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ভুক্তভোগী প্ৰতিবাদকাৰী স্বামীসকলৰ মাজত কোনোবাই প্লে কাৰ্ডত ‘পুৰুষৰ অধিকাৰ মানৱ অধিকাৰ’ বুলি লিখিছিল, আনহাতে কোনোবাই ২০১৪ চনৰ পৰা ২০২২ চনলৈকে পুৰুষৰ আত্মহত্যাৰ গোচৰৰ পৰিসংখ্যা লিখিছিল। কোনোবাই আকৌ চৰকাৰক পুৰুষৰ আয়োগ নিযুক্তি দিবলৈ অনুৰোধ কৰি থকাৰ বিপৰীতে কোনোবাই লিখিছিল যে 'ভুৱা গোচৰ মানৱতাৰ বিৰুদ্ধে অপৰাধ'। কোনোবাই  'Safe Family, Save Nation' লিখি প্ৰতিবাদ সাব্যস্ত কৰিলে। আনহাতে কোনোবাই প্লেকাৰ্ডত লিখিছিল - 'মানুহ ATM নহয়'। অৰ্থাত প্ৰতিবাদকাৰীসকলে নিজৰ নিজৰ শৈলীত পুৰুষসকলৰ যন্ত্ৰণা প্ৰকাশ কৰে।
এই প্ৰতিবাদত চুৰাটৰ চিৰাগ ভাটিয়াও জড়িত আছিল। তেওঁ কয় যে ভুৱা গোচৰৰ বাবেই অতুল সুভাষে আত্মহত্যা কৰিছিল। এই সন্দৰ্ভত আমি প্ৰতিবাদ কৰিছো। অতুল সুভাষে ন্যায় পাব লাগে আৰু পুৰুষৰ বাবে সঠিক আইন প্ৰণয়ন কৰিব লাগে। আজি এনেকুৱা হৈছে যে বহু মহিলাই পুৰুষৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিছে। কোনো গোচৰ ভুলকৈ ৰুজু কৰা হৈছে বুলি আদালতত প্ৰমাণিত হ’লেও ন্যায়ৰ ক্ষেত্ৰত মহিলাক শাস্তি দিয়াৰ কোনো ব্যৱস্থা নাই।
চিৰাগে কয় যে আমি বিচাৰো যে পুৰুষে ন্যায় পাব লাগে। ইয়াত থকা সকলো ভুক্তভোগী , আমাৰ পত্নীয়ে আমাৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিছে। আমি আদালতৰ হেঁচাত পৰিছো। য'ত আমাৰ দোষ নাই তাতো আমি আদালতত প্ৰমাণ কৰিব লাগিব। 


TWITTER

FACEBOOK