সুৰাপায়ীৰ বাবে কেৱ সেৱাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে

DY365
DY365
Published: December 31,2024 04:44 PM
DY365

Story highlights

সুৰাপায়ীৰ বাবে কেৱ সেৱাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে

৩১ ডিচেম্বৰ,২০২৪- সুৰাপায়ীৰ বাবে কেৱ সেৱাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে
নৱবৰ্ষৰ পূৰ্বে অত্যধিক সুৰাপান কৰি ৰাজপথত বাহন চলোৱাসকলৰ বাবে নয়ডা আৰক্ষীয়ে কেব সেৱাৰ ব্যৱস্থা কৰিছে। নৱবৰ্ষৰ প্ৰাকক্ষণত যাতে কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় আৰু সুৰাপায়ীসকলে যাতে নিৰাপদে ঘৰলৈ যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই নয়ডা আৰক্ষীয়ে কৰিছে এই ব্যৱস্থা। প্ৰতিবেদন অনুসৰি নয়ডা আৰক্ষীয়ে বাৰ আৰু ৰেষ্টুৰেণ্টৰ মালিকৰ সৈতে সহযোগিতা কৰি মদ্যপান কৰা লোকসকলক কেব আৰু অটো সেৱা আগবঢ়াব।
নয়ডা আৰক্ষীয়ে চহৰখনৰ গুৰুত্বপূৰ্ণ স্থানসমূহত ৩ হাজাৰ জোৱান নিয়োগ কৰিছে। জনপ্ৰিয় মল আৰু নাইটলাইফ হাবকে ধৰি অধিক যান-জঁট আৰু ভিৰ কৰা অঞ্চলসমূহত ৬ হাজাৰৰো অধিক CCTV কেমেৰা আৰু ড্ৰ’নৰ সহায়েৰে তীক্ষ্ণ নজৰ ৰখা হ’ব। নয়ডাৰ DCPয়ে কোৱা অনুসৰি ড্ৰ’ন চোৱাচিতা আৰু বিশেষ কেব আৰু অটো সেৱাকে ধৰি বিস্তৃত নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। আনহাতে হেল্পডেস্কত নিয়োজিত হ’বলগীয়া পুলিচে মদ্যপান কৰা লোকসকলক গাড়ী চলাবলৈ নিদিয়ে।


TWITTER

FACEBOOK