১৪ ফেব্ৰুৱাৰী ২০২৫- চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ
পাকিস্তানত সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণ। বেলুচিস্তান প্ৰদেশৰ হাৰনাই জিলাত সংঘটিত এই বৃহৎ বিস্ফোৰণত ১০ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ৬ জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহতসকলৰ ভিতৰত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ ফলত সমগ্ৰ অঞ্চলটোতে উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে। আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
কিন্তু এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ সূত্ৰ বিচাৰি উলিয়াব পৰা নাই আৰু কোনো সন্ত্ৰাসবাদী সংগঠনেও এই আক্ৰমণৰ দায়িত্ব লোৱা নাই। বেলুচিস্তানত এনে ঘটনা এতিয়া যথেষ্ট পৰিমানে বৃদ্ধি পাইছে আৰু এইটো স্পষ্টভাৱে এনে এক পৰিঘটনা যেন লাগে যিয়ে সন্ত্ৰাসবাদৰ ভাবুকিক ইন্ধন যোগাইছে।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ কবলত পৰি আছে পাকিস্তান। ক্ৰমাৎ বৃদ্ধি পোৱা সন্ত্ৰাসবাদী ঘটনাই পাকিস্তানৰ নিৰাপত্তা পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে। পাকিস্তানে এসময়ত সন্ত্ৰাসবাদক আশ্ৰয় দিছিল, এতিয়া দেশখনেই যেন সন্ত্ৰাসবাদৰ সৈতে যুঁজিছে। ইয়াৰ বাবেই সমগ্ৰ দেশতে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে বোমা বিস্ফোৰণ, গুলীচালনা আৰু অন্যান্য অপৰাধমূলক কাৰ্যকলাপ।