২১ জানুৱাৰী ২০২৫- ৰহস্যজনক অসুস্থতা! একেটা পৰিয়ালৰ ৮ জনৰ মৃত্যু
এক অচিন ৰোগে এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে জম্মু-কাশ্মীৰত। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বাধল গাঁৱৰ ১৭ জন লোক এই ৰোগত আক্ৰান্ত হৈ এইপৰ্যন্ত মৃত্যুক আঁকোৱালি লৈছে। কিন্তু আটাইতকৈ শোকাৱহ ঘটনাটো হ'ল যে এই ৰোগত আক্ৰান্ত হৈ একেটা পৰিয়ালৰে পিতৃ-মাতৃ আৰু ৬টা সন্তানসহ ৮ জনকৈ লোক মৃত্যুমুখত পৰিছে।
২০২৪ বৰ্ষৰ ৭ ডিচেম্বৰত প্ৰথমবাৰ পোহৰলৈ অহা এই ৰোগ এতিয়াও গৱেষকসকলৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ আছে। যোৱা ৭ ডিচেম্বৰত বাধল গাঁৱৰ ৫ জন লোকৰ প্ৰথমবাৰলৈ অজ্ঞাত এই ৰোগত মৃত্যু হৈছিল। বৰ্তমানৰ তথ্য অনুসৰি এইপৰ্যন্ত বাধল গাঁৱৰ ৩৮ জন লোকে এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৭ জন লোকৰ মৃত্যু হৈছে।
জ্বৰ, বিষ, বমি, অচেতন হৈ যোৱা হৈছে এই ভাইৰাছৰ প্ৰাথমিক লক্ষণ। বিশেষজ্ঞসকলে কৰা পৰীক্ষা আৰু অধ্যয়নৰ ভিত্তিত ভুক্তভোগীসকলৰ মাজত কিছু নিউৰ’টক্সিন পোৱা গৈছে। নিউৰ’টক্সিন হৈছে বিভিন্ন ধৰণৰ প্ৰকৃতিৰ ৰাসায়নিক পদাৰ্থৰ গোট, যিয়ে বিভিন্ন ব্যৱস্থাৰ জৰিয়তে কেন্দ্ৰীয় আৰু পেৰিফেৰেল স্নায়ুতন্ত্ৰৰ কাৰ্য্যকলাপত ব্যাঘাত জন্মায়। অৱশ্যে বিশেষজ্ঞসকলে কৰা পৰীক্ষাত ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণ এইপৰ্যন্ত ধৰা পৰা নাই।
শনিবাৰে জম্মু-কাশ্মীৰৰ উপ মুখ্যমন্ত্ৰীয়ে বাধল গাঁৱত উপস্থিত হৈ ৰহস্যজনক অসুস্থতাৰ বাবে মৃত্যুক আঁকোৱালি লোৱা পৰিয়ালসমূহক সাক্ষাৎ কৰে। ৰাইজৰ সৈতে মতবিনিময় কৰাৰ সমান্তৰালকৈ তেওঁ ক্ষতিগ্রস্ত পৰিয়ালক চৰকাৰে প্রয়োজনীয় সকলো সহায় আগবঢ়াব বুলিও কয়৷ আৰু এই বিষয়ত কোনো ধৰণৰ অপৰাধমূলক ষড়যন্ত্ৰ পোহৰলৈ আহিলে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে।
ইতিমধ্যে ইণ্ডিয়ান ইনষ্টিটিউট অৱ ভাইৰ’লজী, পুনে, পিজিআই চণ্ডীগড়, এইমছ দিল্লীকে ধৰি শীৰ্ষ চিকিৎসা প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলে ইতিমধ্যে ৰাজৌৰীৰ আক্ৰান্ত গাঁওখন পৰিদৰ্শন কৰি নমুনা সংগ্ৰহ কৰিছে।
আনহাতে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই পৰিস্থিতিৰ গুৰুত্ব স্বীকাৰ কৰি কয় যে, ‘স্বাস্থ্য বিভাগ আৰু অন্যান্য সংস্থাসমূহে মৃত্যুৰ তদন্ত কৰিছে যদিও ইয়াৰ সঠিক কাৰণ এতিয়াও নিৰ্ণয় হোৱা নাই। গৃহমন্ত্ৰীৰ দলটোৱে স্থানীয় কৰ্তৃপক্ষৰ সৈতে কাম কৰি সকাহ দিব আৰু সত্য উন্মোচন কৰিব।” লেফটেনেণ্ট গৱৰ্ণৰগৰাকীয়ে লগতে কয় যে আৰক্ষীয়ে ইতিমধ্যে এই বিষয়ত তদন্ত কৰিবলৈ এছ আই টি গঠন কৰিছে।