৫ মাৰ্চ,২০২৫- বীৰ সাৱৰকাৰক অপমান! ৰাহুল গান্ধীক জৰিমনা আদালতৰ
উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ এখন আদালতে জৰিমনা বিহিছে কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক। বীৰ সাৱৰকাৰক লৈ কৰা মন্তব্যৰ বাবে ২০০ টকা জৰিমনা বিহা হৈছে কংগ্ৰেছ সাংসদগৰাকীক। ৰাহুল গান্ধীয়ে শুনানিত অবিৰতভাৱে অনুপস্থিতিত থকাৰ বাবে এই জৰিমনা বিহা হৈছে। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৰাহুল গান্ধীক সকীয়াই দিছে যে যিকোনো মূল্যৰ বিনিময়ত ২০২৫ চনৰ ১৪ এপ্ৰিলত আদালতত হাজিৰ হ’ব লাগিব, অন্যথা ৰাহুল গান্ধীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।
২০২২ চনত অধিবক্তা নৃপেন্দ্ৰ পাণ্ডেই ৰাহুল গান্ধীৰ বিৰুদ্ধে ফৌজদাৰী বিধি আইন (চি আৰ পি চি)ৰ ১৫৬(৩) ধাৰাত এজাহাৰ দাখিল কৰিছিল। অভিযোগ অনুসৰি ২০২২ চনৰ ১৭ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ আকোলাত অনুষ্ঠিত সংবাদমেলত ৰাহুল গান্ধীয়ে বীৰ সাৱৰকাৰক ‘ব্ৰিটিছৰ সেৱক’ আৰু ‘পেঞ্চনাৰ’ বুলি অভিহিত কৰিছিল। অধিবক্তা নৃপেন্দ্ৰ পাণ্ডেৰ মতে ৰাহুল গান্ধীয়ে এই বক্তব্যৰ জৰিয়তে সমাজত শত্ৰুতা আৰু ঘৃণা বিয়পাই দিবলৈ চেষ্টা কৰিছে। যাৰ বাবে তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। সকলো প্ৰমাণ আৰু তথ্য পৰ্যবেক্ষণ কৰাৰ পিছত আদালতে ৰাহুল গান্ধীয়ে দিয়া বক্তব্য ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (ক) আৰু ৫০৫ নং ধাৰাত শাস্তিযোগ্য অপৰাধ বুলি ধৰা পৰে, যাৰ ফলত সমাজত ঘৃণা আৰু শত্ৰুতাৰ সৃষ্টি হয়। এই বিষয়টো প্ৰথমে নিৰীক্ষণ আদালতে গুৰুত্বসহকাৰে লৈ পুনৰ শুনানিৰ বাবে দণ্ডাধীশ আদালতলৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে শুনানিত বাৰে বাৰে অনুপস্থিত থকাৰ পিছত আদালতে ৰাহুল গান্ধীক ২০০ টকা জৰিমনা বিহাৰ লগতে ১৪ এপ্ৰিলত বাধ্যতামূলকভাৱে হাজিৰ হ’বলৈ নিৰ্দেশ দিছে । যদি ১৪ এপ্ৰিলত ৰাহুল গান্ধী আদালতত হাজিৰ নহয় তেন্তে ৰাহুল গান্ধীৰ বিৰুদ্ধে জামিনবিহীন পৰোৱানা জাৰি কৰিব পৰা যাব ।