ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচত পুনৰবাৰ মুকঠেকেচা পাকিস্তানৰ

DY365
DY365
Published: February 24,2025 11:19 AM
DY365

Story highlights

ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচত পুনৰবাৰ মুকঠেকেচা পাকিস্তানৰ

২৪ ফেব্ৰুৱাৰী ২০২৫-  ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচত পুনৰবাৰ মুকঠেকেচা পাকিস্তানৰ



টীম ইণ্ডিয়াৰ হাতত পুনৰবাৰ মুকঠেকেচা খালে পাকিস্তানে। ডুবাই আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচত ভাৰতৰ হাতত ৭ উইকেটত বিধ্বস্ত হ'ল চিৰপ্ৰতিদ্বন্দী পাকিস্তান।অৰ্থাত ছুপাৰ ছানডে’ত ২২ গজৰ যুঁজত বেটে-বলে উজলি উঠিল টীম ইণ্ডিয়া। বিৰাট কোহলিৰ বেটিং বিক্ৰমত একপ্ৰকাৰ দিশহাৰা হৈ পৰিল পাক বলাৰ। পাকিস্তানৰ শক্তিশালী বলিং লাইনআপক প্ৰত্যাহ্বান জনাই বিৰাট কোহলীয়ে অৰ্জন কৰে কেৰিয়াৰৰ ৫১ সংখ্যক শতক। পাকিস্তানে বান্ধি দিয়া ২৪২ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি টীম ইণ্ডিয়াই বিৰাট কোহলীৰ অপৰাজিত ১০০, শ্ৰেয়াছ আয়াৰৰ ৫৬ আৰু শুভমন গিলৰ ৪৬ ৰাণৰ ইনিংছৰ সহায়ত ৪২.৩ অভাৰতে ৪ টা উইকেট হেৰুৱাই লক্ষ্য অতিক্ৰম কৰে। 



ইয়াৰ পূৰ্বে টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ আহি পাকিস্তানে ভাৰতীয় বলিং লাইনআপৰ সম্মুখত তিষ্ঠিব নোৱাৰি  ৪৯.২ অভাৰত ২৪১ ৰানতে ইনিংছ সামৰে। পাকিস্তানৰ হৈ চাউড চাকীলে সৰ্বাধিক ৬২ ৰান কৰাৰ বিপৰীতে অধনায়ক ৰিজৱানে ৪৬ আৰু খুশডীল শ্বাহে ৩৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে সৰ্বাধিক তিনিটা উইকেট দখল কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়াই ২টা আৰু ৰবীন্দ্ৰ জাদেডা, অক্ষৰ পেটেল, হৰ্ষিত ৰানাই এটাকৈ উইকেট দখল কৰে। এই জয়েৰে ছেমিফাইনেলৰ দিশে এখোজ আগবাঢ়িল টীম ইণ্ডিয়া। বিপৰীতে পৰাজয়ৰ লগে লগে চেম্পিয়নছ ট্ৰফীৰ পৰা পাকিস্তান বাহিৰ হোৱাটো প্ৰায় নিশ্চিত হ'ল।


Related

TWITTER

FACEBOOK