৭ জানুৱাৰী ২০২৫- এইসমূহ লক্ষণ দেখা দিলে আপুনিও হ'ব পাৰে HMPV ভাইৰাছত আক্ৰান্ত
ভাৰতত আৰম্ভ হৈছে চীনত সংহাৰ চলোৱা ভয়াৱহ HMPV ভাইৰাছৰ সংক্ৰমণ। সোমবাৰে বেংগালুৰুৰ এখন হাস্পতালত ৮ মহীয়া এটি কেঁচুৱাৰ দেহত ধৰা পৰিছিল এই ভাইৰাছ। তাৰ পিছতেই বিগত ২৪ ঘণ্টাত ৬টাকৈ নতুন সংক্ৰমিত ৰোগী ধৰা পৰিছে। কৰ্ণাটক, পশ্চিম বংগ, চেন্নাই আৰু গুজৰাটত ধৰা পৰিছে HMPV ভাইৰাছ সংক্ৰমিত ৰোগী। কৰ্ণাটকত ৩ আৰু ৮ মহীয়া দুটি শিশুৰ দেহত ধৰা পৰাৰ লগতে পশ্চিম বংগত ৫ মহীয়া এটি শিশু, চেন্নাইত দুটি শিশু আৰু গুজৰাটত ২ মহীয়া শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছ। তথ্য অনুসৰি সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধ লোক সহজেই আক্ৰান্ত হয় এই ভাইৰাছত। HMPVক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে দেশৰ স্বাস্থ্য বিভাগ। কাহ, জ্বৰ, নাক বন্ধ, ডিঙিৰ বিষ হৈছে এই ভাইৰাছৰ প্ৰাথমিক লক্ষণ।গতিকে এইসমূহ লক্ষণ শৰীৰত দেখা দিলেই ততালিকে চিকিৎসকৰ পৰামৰ্শ লওক।