হিন্দু ,মুছলমান নহয়, ভাৰতত এই দুটা ধৰ্মৰ লোকে কৰে আটাইতকৈ বেছি বিবাহ বিচ্ছেদ

DY365
DY365
Published: January 19,2025 06:43 PM
DY365

Story highlights

হিন্দু ,মুছলমান নহয়, ভাৰতত এই দুটা ধৰ্মৰ লোকে কৰে আটাইতকৈ বেছি বিবাহ বিচ্ছেদ

১৯ জানুৱাৰী ২০২৫-  হিন্দু ,মুছলমান নহয়, ভাৰতত এই দুটা ধৰ্মৰ লোকে কৰে আটাইতকৈ বেছি বিবাহ বিচ্ছেদ



ভাৰতবৰ্ষত বিগত কিছু বছৰত বিবাহ বিচ্ছেদৰ হাৰ বৃদ্ধি পাইছে। বলিউডৰ নায়ক-নায়িকাৰ পৰা খেলুৱৈলৈকে বৰ্তমান সময়ত আমি প্ৰায়ে বিবাহ বিচ্ছেদৰ কথা শুনিবলৈ পাওঁ। কিন্তু সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ শিৰোনাম দখল নকৰা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰো বিবাহ বিচ্ছেদৰ পৰিসংখ্যা এতিয়া বৃদ্ধি পাইছে। কিন্তু আপোনালোকে জানেনে ভাৰতবৰ্ষত কোন ধৰ্মৰ মানুহে আটাইতকৈ বেছি পৰিমানে বিবাহ বিচ্ছেদ কৰে- 
ভাৰতবৰ্ষত বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰে আৰু বৰ্তমান দেশৰ জনসংখ্যা প্ৰায় ১৪০ কোটি। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হিন্দুতকৈ মুছলমান লোকৰ মাজত বিবাহ বিচ্ছেদৰ হাৰ কিছু পৰিমানে বেছি।
২০১১ চনৰ লোকপিয়লৰ ভিত্তিত ১ লাখ মুছলমান পুৰুষৰ ভিতৰত ১৫৯০ জন পুৰুষৰ বিবাহ বিচ্ছেদ হয়। আনহাতে হিন্দুসকলৰ মাজত এই সংখ্যা ১৪৭০। মহিলাৰ কথা ক’বলৈ গ’লে এক লাখ মুছলমান মহিলাৰ ভিতৰত ৫৬৩০ গৰাকী মহিলাৰ বিবাহ বিচ্ছেদ হয়। আনহাতে হিন্দু মহিলাৰ মাজত এই সংখ্যা ২৬০০। অৰ্থাৎ পৰিসংখ্যা চালে মুছলমান সকলৰ মাজত বিবাহ বিচ্ছেদৰ ঘটনা বেছি। 
কিন্তু এক চাঞ্চল্যকৰ তথ্য অনুসৰি আমাৰ দেশত হিন্দু আৰু মুছলমান ধৰ্মতকৈ খ্ৰীষ্টান ধৰ্ম আৰু বৌদ্ধ ধৰ্মত বিবাহ বিচ্ছেদ হাৰ যথেষ্ঠ পৰিমানে বেছি। তথ্য অনুসৰি খ্ৰীষ্টান ধৰ্মত বিবাহ বিচ্ছেদৰ হাৰ ১৬.৬% হোৱাৰ বিপৰীতে বৌদ্ধ ধৰ্মত বিবাহ বিচ্ছেদৰ হাৰ ১৭.৬%। অৰ্থাৎ খ্ৰীষ্টান ধৰ্ম আৰু বৌদ্ধ ধৰ্মত বিবাহ বিচ্ছেদৰ হাৰ হিন্দু আৰু মুছলমান ধৰ্মতকৈ প্ৰায় দুগুণ।
ব্যক্তিগত স্বাধীনতাত বাধা,আৰ্থিক কাৰণ,পাৰস্পৰিক বিশ্বাসৰ অভাৱ, প্ৰেমৰ অভাৱ, অবাঞ্চিত বিবাহ, অত্যধিক মানসিক চাপ ইত্যাদি বিভিন্ন কাৰণত বৰ্তমান সময়ত বিবাহ বিচ্ছেদৰ হাৰ বৃদ্ধি পাইছে।


Related

TWITTER

FACEBOOK