১৯ ফেব্ৰুৱাৰী ২০২৫- চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! নিষিদ্ধ হ'ল গুটখা, পান মছলা
ঝাৰখণ্ডত পুনৰ গুটখা আৰু পানমছলাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মঙলবাৰে এক নিৰ্দেশনাৰ জৰিয়তে এই ঘোষণা কৰিছে। ৰাজ্যখনত কমেও আগন্তুক এবছৰৰ বাবে ধঁপাত ভিত্তিক পান মছলা আৰু গুটখাৰ উৎপাদন, মজুত, বিক্ৰী আৰু যোগান নিষিদ্ধ কৰিছে। ইয়াৰ পূৰ্বে ঝাৰখণ্ড চৰকাৰে ৰাজ্যখনত গুটখা আৰু পান মছলা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল। এই নিষেধাজ্ঞা আৰু এবছৰৰ বাবে কাৰ্যকৰী কৰা হৈছে। মঙলবাৰে ঝাৰখণ্ড চৰকাৰে ঘোষণা কৰে যে ঝাৰখণ্ডত কমেও আগন্তুক এবছৰৰ বাবে ধঁপাত ভিত্তিক পান মছলা আৰু গুটখাৰ উৎপাদন, মজুত, বিক্ৰী আৰু যোগান নিষিদ্ধ কৰা হ’ব। এই নিৰ্দেশনা খাদ্য সুৰক্ষা আৰু গুণগত উন্নতি আইন, ২০০৬ৰ ধাৰা ৩০ (২) (ক)ৰ অধীনত কাৰ্যকৰী কৰা হৈছে।
সাধাৰণ জনতাৰ স্বাস্থ্য সুৰক্ষাৰ কথা মনত ৰাখি গুটখা আৰু পান মছলাৰ বিক্ৰী, ক্ৰয় আৰু যোগানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি জাননীখনত উল্লেখ কৰা হৈছে। মন কৰিবলগীয়া যে ভাৰতৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে গুটখা নিষিদ্ধ কৰা হৈছে।