কোন তাৰিখৰ পৰা আৰম্ভ হ’ব চৈত্ৰ নৱৰাত্ৰি? কোন দিনা কি ৰঙৰ বস্ত্ৰ পৰিধান কৰিব? জানক সবিশেষ...

DY365
DY365
Published: April 5,2024 01:29 PM
DY365

Story highlights

চৈত্ৰ নৱৰাত্ৰি হিন্দুসকলৰ শুভ উৎসৱ। নৱৰাত্ৰি এবছৰত চাৰিবাৰ উদযাপন কৰা হয়। এই চাৰি নৱৰাত্ৰিৰ ভিতৰত শাৰদিয়া নৱৰাত্ৰি আৰু চৈত্ৰ নৱৰাত্ৰি অধিক জনপ্ৰিয়ভাৱে পালন কৰা হয়।

৫ এপ্ৰিল, ২০২৪ঃ চৈত্ৰ নৱৰাত্ৰি হিন্দুসকলৰ শুভ উৎসৱ। নৱৰাত্ৰি এবছৰত চাৰিবাৰ উদযাপন কৰা হয়। শাৰদিয়া নৱৰাত্ৰি, চৈত্ৰ নৱৰাত্ৰি, মাঘা গুপ্ত নৱৰাত্ৰি আৰু অসাধা গুপ্তা নৱৰাত্ৰি। এই চাৰি নৱৰাত্ৰিৰ ভিতৰত শাৰদিয়া নৱৰাত্ৰি আৰু চৈত্ৰ নৱৰাত্ৰি অধিক জনপ্ৰিয়ভাৱে পালন কৰা হয়।



হিন্দু লুনি-সৌৰ পঞ্জিকাৰ প্ৰথম দিনাৰ পৰা আৰম্ভ হোৱা নৱৰাত্ৰি উদযাপনক চৈত্ৰ নৱৰাত্ৰি বুলি কোৱা হয়। বসন্ত নৱৰাত্ৰী নামেৰেও জনা যায় চৈত্ৰ নৱৰাত্ৰিক। হিন্দু ভক্তসকলে ৯ দিনৰ ভিতৰত মা দুৰ্গা আৰু তেওঁৰ নটা ৰূপৰ উপাসনা কৰে। চৈত্ৰ নৱৰাত্ৰিৰ অন্তিম দিনটোত ভক্তসকলে ভগৱান ৰামৰ জন্ম উপলক্ষে ৰাম নৱমী পালন কৰে। 



দ্ৰিক পাঞ্চাঙৰ মতে এই বছৰ চৈত্ৰ নৱৰাত্ৰি ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। ৯ দিনৰ বাবে উদযাপন কৰা হ’ব চৈত্ৰ নৱৰাত্ৰি। ১৭ এপ্ৰিলত ৰাম নৱমী উদযাপনৰে সমাপ্ত হ’ব নৱৰাত্ৰি। এই ৯ দিনত মা-দুৰ্গাৰ ৯টা ৰূপক হিন্দুসকলে পূজা কৰিব। ৯টা ৰূপ হৈছে - মা শৈলপুত্ৰী, মা ব্ৰহ্মচাৰিণী, মা চন্দ্ৰঘন্টা, মা কুশমাণ্ডা, স্কন্দ মাতা, মা কাতিয়ানী, মা কালৰাত্ৰি, মা মহাগৌৰী আৰু মা সিদ্ধিদাত্ৰী।



দ্ৰিক পাঞ্চাং অনুসৰি চৈত্ৰ নৱৰাত্ৰিৰ তাৰিখ আৰু ৰং



৯ এপ্ৰিল - ঘটাস্থাপনা পূজা, মা শৈলপুত্ৰী, ৰঙা
১০ এপ্ৰিল - মা ব্ৰহ্মচাৰিণী, গাঢ় নীলা
১১ এপ্ৰিল - মা চন্দ্ৰঘন্টা, হালধীয়া
১২ এপ্ৰিল - মা কুশমাণ্ডা, সেউজীয়া
১৩ এপ্ৰিল - স্কন্দা মাতা, ধূসৰ
১৪ এপ্ৰিল - মা কাতিয়ানি, কমলা
১৫ এপ্ৰিল - মহা সপ্তমী, মা কালৰাত্ৰি, বগা
১৬ এপ্ৰিল - দুৰ্গা অষ্টমী, মা মহাগৌৰী পূজা, গুলপীয়া
১৭ এপ্ৰিল - ৰাম নৱমী, আকাশী নীলা


Related

TWITTER

FACEBOOK