পৱিত্ৰ ৰমজান মাহত পাঁচটা ঐতিহাসিক মছজিদৰ কথা, কি কি বিশেষত্ব আছে এই মছজিদকেইটাৰ?

DY365
DY365
Published: March 28,2024 03:51 PM
DY365

Story highlights

পৱিত্ৰ ৰমজান মাহত পাঁচটা ঐতিহাসিক মছজিদৰ কথা। কেইবাটাও বিশেষত্ব আছে এই মছজিদকেইটাৰ।

২৮ মাৰ্চ, ২০২৪ঃ পৱিত্ৰ ৰমজান মাহত পাঁচটা ঐতিহাসিক মছজিদৰ কথা। কেইবাটাও বিশেষত্ব আছে এই মছজিদকেইটাৰ।



ভাৰতৰ ডাঙৰ মছজিদৰ ভিতৰত অন্যতম তাজ-ঊল মছজিদ। মধ্যপ্ৰদেশৰ ভূপালত আছে এই বৃহৎ মছজিদটো। মোগল শাসক ছাহজফৰে নিৰ্মাণ কৰিছিল তাজ-ঊল মছজিদ। এই মছজিদত একেলগে আঢ়ৈ লাখ লোকে আদায় কৰিব পাৰে নামাজ। তাজ-ঊল মছজিদত লগোৱা হৈছে পৃথিৱীৰ আটাইতকৈ দামী মাৰ্বল পাথৰ। 





দ্বিতীয়তে আছে লক্ষ্ণৌৰ আছিফী মছজিদ। নবাব আছিফউদ্দিনে নিৰ্মাণ কৰিছিল আছিফী মছজিদ। এই মছজিদত আছে অহা-যোৱা কৰিবৰ বাবে আছে সুৰংগ পথ। 





তৃতীয়তে আছে জামিয়া মছজিদ। দেশৰ মছজিদৰ ভিতৰত অন্যতম কাশ্মীৰৰ এই জামিয়া মছজিদ। একেলগে ৪০ হাজাৰ লোকে এই মছজিদত পঢ়িব পাৰে নামাজ। এই মছজিদটো পূৰ্বতে আছিল মাদ্ৰাছা। জামিয়া মছজিদ দিয়া হৈছিল ধৰ্মীয় শিক্ষা। 





তুৰ্থতে আছে দিল্লীৰ জামে মছজিদ। ছাহজাহানে নিৰ্মাণ কৰিছিল এই জামে মছজিদ। দিল্লীৰ জামে মছজিদত একেলগে ৩০ হাজাৰ লোকে পঢ়িব পাৰে নামাজ। 





শেষত আছে তেলেংগনাৰ মক্কা মছজিদ। এই মছজিদৰ বাবে পৱিত্ৰ মক্কাৰ পৰা অনা হৈছিল মাটি। যাৰ বাবে এই মছজিদক মক্কা মছজিদ বুলি জনা যায়। এয়াই হৈছে দেশৰ ৫ টা পৱিত্ৰ মছজিদৰ কথা। এই মছজিদতেই আছে কেইবাটাও বিশেষত্ব। 






 


Related

TWITTER

FACEBOOK