আজি দেশত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ২১ খন ৰাজ্যৰ ১০২টা সমষ্টিত ভোটগ্ৰহণ

DY365
DY365
Published: April 19,2024 05:52 AM
DY365

Story highlights

আজি দেশত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ ২১ খন ৰাজ্যৰ ১০২টা সমষ্টিত ভোটগ্ৰহণ।

১৯ এপ্ৰিল, ২০২৪ঃ আজি দেশত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ ২১ খন ৰাজ্যৰ ১০২টা সমষ্টিত ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত অসমৰ ৫ সমষ্টিতো অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। বিপৰীতে ২৬ এপ্ৰিল আৰু ৭ মে’ত আন ৯টা সমষ্টিত অনুষ্ঠিত হ’ব ভোট। 



প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ভোটাৰ। EVMত বন্দী হ’ব দেশৰ ১,৬২৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্ৰথম পৰ্যায়ত ২১ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত অনুষ্ঠিত হ’ব নিৰ্বাচন। ১,৪৯১ পুৰুষ প্ৰাৰ্থীৰ বিপৰীতে মহিলা প্ৰাৰ্থী ১৩৪গৰাকী। 



প্ৰথম পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ১৬ কোটি ৬৩ হাজাৰ। সাজু কৰি তোলা হৈছে ১ লাখ ৮৭ হাজাৰ ভোটগ্ৰহণ কেন্দ্ৰ। নিয়োগ কৰা হৈছে ১৮ লাখ নিৰ্বাচনী বিষয়া–কৰ্মচাৰী।



পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলিব ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পুৰুষ ভোটাৰৰ সংখ্যা ৮.৪ কোটি। মহিলা ভোটাৰৰ সংখ্যা ৮.২৩ কোটি। তৃতীয় লিংগ ভোটাৰৰ সংখ্যা হৈছে ১১,৩৭১গৰাকী। 



প্ৰথমবাৰৰ বাবে দিব ভোট দিব ৩৫ লাখ ৬৭ হাজাৰ ভোটাৰে। যুৱ ভোটাৰৰ সংখ্যা হৈছে ৩ কোটি ৫১ হাজাৰ। ৮৫ উৰ্ধ্বৰ ভোটাৰ আছে ১৪ লাখ ১৪ হাজাৰ। বিশেষভাৱে সক্ষম ভোটাৰ আছে ১৩ লাখ ৩৯ হাজাৰ। ৭টা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনত ভোটাৰে নিৰ্বাচন কৰিব ৫৪৩গৰাকী সাংসদ। 



অসমৰ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাটত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। কাজিৰঙা সমষ্টিত ১১গৰাকী, শোণিতপুৰত ৮গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা।



লখিমপুৰত ৯, যোৰহাটত ৪, ডিব্ৰুগড়ত ৩গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ৮৬,৪৭,৮৬৯। ৪২,৮২,৮৮৭জন পুৰুষৰ বিপৰীতে ৪৩,৬৪,৮৫৯গৰাকী মহিলা ভোটাৰ।



প্ৰথম পৰ্যায়ত ৫ সমষ্টিত ১২৩গৰাকী তৃতীয় লিংগৰ ভোটাৰ। আজি ১০,০০১টা কেন্দ্ৰত হ’ব ভোটগ্ৰহণ। নিয়োজিত কৰা হৈছে ৪০,০০৪গৰাকী প’লিং-প্ৰিজাইডিং বিষয়া। ৪ জুনত ঘোষণা কৰা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল। 
 


Related

TWITTER

FACEBOOK