২৩ ফেব্ৰুৱাৰী ২০২৫- ইনষ্টাগ্ৰামত নকৰিব এই ভুল, বন্ধ হ'ব পাৰে আপোনাৰ একাউণ্ট !
যদি আপুনি ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে তেন্তে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। কেতিয়াবা অজানিতে কৰা সৰু সৰু ভুলবোৰৰ বাবে বন্ধ হৈ যাব পাৰে আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্ট। যদি আপুনি বাৰে বাৰে ইনষ্টাগ্ৰামৰ গাইডলাইন উলংঘা কৰে তেনেহলে স্থায়ীভাৱে নিষিদ্ধ হ’ব পাৰে আপোনাৰ একাউণ্ট ।
যদি আপুনি ইনষ্টাগ্ৰামৰ গাইডলাইন অনুসৰণ নকৰে তেনেহলে আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষিদ্ধ হ’ব পাৰে। ইয়াৰ উপৰিও যিকোনো অনুপযুক্ত বিষয়বস্তু যেনে- ফটো, ভিডিঅ’ বা টেক্সট হওক, শ্বেয়াৰ কৰিলে আপোনাৰ একাউণ্ট বন্ধ হ'ব পাৰে। লগতে ইনষ্টাগ্ৰাম প্লেটফৰ্মত কিছুমান হেচটেগ নিষিদ্ধ কৰা হৈছে। যদি আপুনি সেইবোৰ বাৰে বাৰে ব্যৱহাৰ কৰে, আপোনাৰ একাউণ্ট ব্লক হব পাৰে। যদি আপোনাৰ একাউণ্টটো ভুৱা বা প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ সৈতে জড়িত বুলি ধৰা পৰে তেন্তে ইনষ্টাগ্ৰামে ইয়াক ব্লক কৰিব পাৰে। গতিকে ইনষ্টাগ্ৰামৰ কমিউনিটি গাইডলাইন সদায় অনুসৰণ কৰক। নিষিদ্ধ হেচটেগ ব্যৱহাৰ নকৰিব। কোনো দেশ, ধৰ্ম বা ৰাজনীতিৰ লগত জড়িত নেতিবাচক কথা প্ৰতিফলিত হোৱা কোনো বস্তু পোষ্ট নকৰিব। কোনো ধৰণৰ বিভ্ৰান্তিকৰ বা আপত্তিজনক বিষয়বস্তু পোষ্ট কৰাটোও পৰিহাৰ কৰক।