উত্তৰাখণ্ডৰ নাইনিটালত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ, নিহত ৪

DY365
DY365
Published: February 9,2024 08:58 AM
DY365

Story highlights

মছজিদ মাদ্ৰাছা উচ্ছেদক লৈ ভয়ংকৰ পৰিস্থিতি। উত্তৰাখণ্ডৰ নাইনিটালত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ। দুটা পক্ষৰ সংঘৰ্ষত ৪জন লোক নিহত হয়।

৯ ফেব্ৰুৱাৰী, ২০২৪ঃ মছজিদ মাদ্ৰাছা উচ্ছেদক লৈ ভয়ংকৰ পৰিস্থিতি। উত্তৰাখণ্ডৰ নাইনিটালত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ। দুটা পক্ষৰ সংঘৰ্ষত ৪জন লোক নিহত হয়। সাম্প্ৰদায়িক সংঘৰ্ষত ১০০জনৰো অধিক আৰক্ষী আহত হয়।





হালদ্বানিত অবৈধভাৱে নিৰ্মাণ কৰা এখন মাদ্ৰাছা ভঙাক লৈ উত্তেজনা। অবৈধভাৱে নিৰ্মিত মাদ্ৰাছাত উচ্ছেদ চলাইছিল প্ৰশাসনে। বিস্তীৰ্ণ এলেকাত সান্ধ্য আইন জাৰি কৰা হয়। বিস্তীৰ্ণ এলেকাত বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা।





বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতি। এফালৰ পৰা দুৰ্বৃত্তই জ্বলাই গ’ল ঘৰ-দুৱাৰৰ লগতে গাড়ী-মটৰ। আৰক্ষী-প্ৰশাসনৰ লোকক শিলগুটি নিক্ষেপ একাংশৰ। জ্বলাই দিয়া হৈছে আৰক্ষীৰ বাহন।



https://twitter.com/i/status/1755774792777515476



হিংসাজৰ্জৰ এলেকাত দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ। অস্ত্ৰ-শস্ত্ৰ লৈও দুৰ্বৃত্তই তাণ্ডৱ চলালে চহৰখনত। আৰক্ষী-প্ৰশাসনৰ মতে সম্পূৰ্ণ পৰিকল্পিতভাৱে চলিছিল আক্ৰমণ।



'>http://



ডেৰাডুনত আইন শৃংখলা পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক। মছজিদটো ভাঙিবলৈ বুলড’জাৰ অহাৰ লগে লগে ওলাই আহিল অসংখ্য লোক। প্ৰথমতে দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ চলালে আৰক্ষীৰ ওপৰত। ঘটনাত আহত হৈছে ৩০০ৰো অধিক লোক।






 


Related

TWITTER

FACEBOOK