সাৱধান! ধৰা পৰিছে কোভিডৰ নতুন ভেৰিয়েণ্ট

DY365
DY365
Published: February 22,2025 08:04 PM
DY365

Story highlights

সাৱধান! ধৰা পৰিছে কোভিডৰ নতুন ভেৰিয়েণ্ট

২২ ফেব্ৰুৱাৰী ২০২৫-  সাৱধান! ধৰা পৰিছে কোভিডৰ নতুন ভেৰিয়েণ্ট



বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কোভিড-১৯ৰ সংক্ৰমণৰ কথা ভাৱিলে এতিয়াও হয়তো আতংকিত হৈ পৰে বহু লোক। সেই ভয়ংকৰ বিভীষিকাময় পৰিস্থিতিৰ প্ৰতিক্ৰিয়াৰ মাৰ নৌ যাওঁতেই এইবাৰ ধৰা পৰিছে কোভিডৰ আন এক মাৰাত্মক ভাইৰাছ। চীনৰ বিজ্ঞানীৰ অধ্যয়নত পোহৰলৈ অহা এই ভাইৰাছবিধৰ নাম হৈছে HKUV5-CoV2।  চীনত ধৰা পৰা এই নতুন ভাইৰাছক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি হৈছে ব্যাপক চৰ্চা।



 ২০১৯ৰ ডিচেম্বৰ মাহত চীনৰ ৱুহানত দেখা দিয়া কৰোনা ভাইৰাছে গ্ৰাস কৰি পেলাইছিল সমগ্ৰ বিশ্বকে। পৰৱৰ্তী বছৰটোতে এছিয়াৰ দেশসমূহ আৰু পৰ্যায়ক্ৰমে সমগ্ৰ বিশ্বতে বিয়পি পৰা কোভিড-১৯ৰ ভাইৰাছ SARS-CoV-2ৰ বাবেই প্ৰাণ হেৰুৱাইছিল অগণন লোকে। যাৰবাবে বিশ্বৰ দেশসমূহৰ স্বাস্থ্য বিভাগৰ লগতে উদ্বিগ্ন হৈ পৰিছিল বিশ্ব স্বাস্থ্য সংস্থাও। এনে পৰিস্থিতিত প্ৰতিখন দেশেই ঘোষণা কৰিবলগীয়া হৈছিল দীৰ্ঘদিনীয়া লকডাউন। আনহাতে ২০২০ৰ ১১ মাৰ্চত কোভিড-১৯ক মহামাৰী ঘোষণা কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাই। মাৰাত্মক কোভিড ভাইৰাছত বিশ্বজুৰি আক্ৰান্ত হৈছিল ৭৭ কোটি ৭৩ লাখ ৬৮ হাজাৰ ১৬৫ গৰাকী ব্যক্তি। আনহাতে কৰোনা ভাইৰাছত মৃত্যু হৈছিল কমেও ৭০ লাখ ৮৭ হাজাৰ ৭১৮ জনৰ। 



কোভিড-১৯ৰ সেই বিভীষিকাময় দিনবোৰৰ কথা ভাৱিলেই এতিয়াও আতংকিত হৈ পৰাৰ সময়তে পুনৰ চীনৰ পৰাই আহিছে ভয়ংকৰ খবৰটো। এইবাৰ চীনত ধৰা পৰিছে কৰোনা ভাইৰাছৰ আন এক মাৰাত্মক ভেৰিয়েণ্ট। নতুনকৈ ধৰা পৰা কৰোনাৰ এই ভেৰিয়েণ্টৰ নাম HKU5-Cov-2। আটাইতকৈ শংকাৰ খবৰটো হ’ল বাদুলীৰ পৰাই মানুহৰ দেহলৈ খন্তেকতে সংক্ৰমণ হ’ব পাৰে এই ভাইৰাছ। তথ্য অনুসৰি পূৰ্বৰ কোভিড-১৯তকৈয়ো অধিক তীব্ৰগতিত সংক্ৰমণ হ’ব পাৰে নতুনকৈ ধৰা পৰা কৰোনাৰ এই ভেৰিয়েণ্ট।



নতুনকৈ ধৰা পৰা কৰোনাৰ এই ভেৰিয়েণ্টৰ লক্ষণসমুহ হল- কঁপি কঁপি জ্বৰ উঠা, পানী লগা, শ্বাস-প্ৰশ্বাসজনিত সমস্যা, মূৰ, ডিঙি বিষ, গা বিষ, গোন্ধ পোৱাৰ ক্ষমতা হেৰুওৱা ইত্যাদি। গতিকে শৰীৰত এই লক্ষণসমূহ দেখা দিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ লওক।


Related

TWITTER

FACEBOOK