মৰুভূমি হ'ব নেকি অসম! চীনৰ নদীবান্ধক লৈ শংকিত দেশ।

DY365
DY365
Published: December 28,2024 06:12 PM
DY365

Story highlights

মৰুভূমি হ'ব নেকি অসম! চীনৰ নদীবান্ধক লৈ শংকিত দেশ।

২৮ ডিচেম্বৰ,২০২৪-  মৰুভূমি হ'ব নেকি অসম! চীনৰ নদীবান্ধক লৈ শংকিত দেশ। 



ভাৰতৰ বাবে বিশেষকৈ অসমৰ বাবে এক ভয়ংকৰ সংকটৰ খবৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত ইতিহাসৰ সৰ্ববৃহৎ নদীবান্ধ প্ৰকল্প নিৰ্মাণত অনুমোদন জনাই দিলে বেইজিং প্ৰশাসনে। ভাৰত-চীনৰ মাজত শেহতীয়াকৈ সম্পৰ্ক বহু পৰিমাণে উন্নত হোৱাৰ সময়তে চুবুৰীয়া দেশখনে লৈছে এই ভয়ংকৰ সিদ্ধান্ত।ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মাণ কৰিব মানৱ ইতিহাসৰ সৰ্ববৃহৎ নদীবান্ধ প্ৰকল্প।তিব্বতৰ যি স্থানৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্পত্তি হৈছে, সেই স্থানতে হ’ব এই নদীবান্ধ।অৰ্থাৎ চীনৰ ভাষাৰে য়াৰলুং জংবোৰ ওপৰত নিৰ্মাণ হ’ব বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ। ব্ৰহ্মপুত্ৰই অৰুণাচলত প্ৰৱেশৰ পূৰ্বে ইউটাৰ্ন লোৱা স্থানতে হ’ব এই প্ৰকল্প।ইতিমধ্যে ১৩৭ বিলিয়ন ডলাৰৰ এই নদীবান্ধ প্ৰকল্পত মোহৰ মাৰিছে বেইজিং প্ৰশাসনে।স্বাভাৱিকতে এই নদীবান্ধ সম্পূৰ্ণ হ’লে বহু সংকটে দেখা দিব।চীনে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বাবে স্তব্ধ হৈ পৰিব মহাবাহুৰ গতিপথ। নদীবান্ধ সম্পূৰ্ণ হ’লে অসমসহ উত্তৰ-পূৱবাসী পৰিব মহা সংকটত।ভাৰতৰ উপৰি ভয়ংকৰ সংকটত পৰিব চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশো।চীনে বান্ধৰ পানী বন্ধ কৰিলে জল সংকটত ভূগিব ভাৰত-বাংলাদেশ।বিপৰীতে বেইজিঙে পৰ্যাপ্ত পানী এৰি দিলে সৃষ্টি হ’ব ভয়ংকৰ জলপ্ৰলয়। এইপৰ্যন্ত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ প্ৰকল্পটো আছে চীনতেই। এই থ্ৰী গৰ্জেছ ডেমে পৃথিৱীৰ স্বাভাৱিক প্ৰদক্ষিণতো বিৰূপ প্ৰভাৱ পেলাই অহাৰ সময়তে এইবাৰ তাতোতকৈয়ো বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ ওলাইছে চুবুৰীয়া দেশখনে।দুখন পাহাৰত ৬টা সুৰংগ খান্দি ২০ কিঃমিঃ বোৱাই নিব ব্ৰহ্মপুত্ৰ।বছৰত ৩০০ বিলিয়ন কিলোৱাট বিদ্যুত্‍ উত্পাদনৰ লক্ষ্য বেইজিঙৰ।চীনৰ সৈতে ২০০৬ চনত নতুন দিল্লীয়ে কৰিছিল এক বিশেষ চুক্তি।সেই মতে দুয়োখন দেশৰ সীমান্তৰ নদীৰে সম্পৰ্ক থকা বিষয়ক লৈ প্ৰস্তুত কৰা হৈছিল এক্সপাৰ্ট লেভেল মেকানিজম।আনকি ১৮ ডিচেম্বৰত বেইজিঙত ভাৰতীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং উইৰ মাজত হোৱা গুৰুত্বপূৰ্ণ বৈঠকতো স্থান পাইছিল পূৰ্বে দুয়োখন দেশে কৰা চুক্তিক লৈ আলোচনাই। কিন্তু চীনে এতিয়া ব্ৰহ্মপুত্ৰৰ গতিপথত বাধা দি বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ লোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে নতুন দিল্লী।


TWITTER

FACEBOOK