নকল কৰিবলৈ নিদিয়াৰ বাবেই দশম শ্ৰেণীৰ ছাত্ৰৰ সৈতে ভয়ংকৰ ঘটনা

DY365
DY365
Published: February 21,2025 07:48 PM
DY365

Story highlights

নকল কৰিবলৈ নিদিয়াৰ বাবেই দশম শ্ৰেণীৰ ছাত্ৰৰ সৈতে ভয়ংকৰ ঘটনা

২১ ফেব্ৰুৱাৰী ২০২৫- নকল কৰিবলৈ নিদিয়াৰ বাবেই  দশম শ্ৰেণীৰ ছাত্ৰৰ সৈতে ভয়ংকৰ ঘটনা



বিহাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পৰীক্ষা কেন্দ্ৰত উত্তৰবহী চাই ছাত্ৰ-ছাত্ৰীক নকল কৰিবলৈ নিদিয়াক লৈ দুই গোটৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হয় প্ৰচণ্ড বিবাদৰ। বিবাদে এটা সময়ত ৰূপ লয় কাজিয়া আৰু গুলীচালনালৈ। গুলীচালনাত অমিত কুমাৰ ডেহৰী নামৰ এজন ১৬ বছৰীয়া ছাত্ৰৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে।



ধৌদাধ থানা এলেকাৰ তাৰাচণ্ডিৰ সমীপত সংঘটিত হৈছে এই ঘটনা। তথ্য অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৰোহতাছ জিলাত দশম শ্ৰেণীৰ পৰীক্ষাৰ সময়ত দুটা ছাত্ৰ গোটৰ মাজত কাজিয়া সংঘটিত হয়। এই কাজিয়াৰ কাৰণ উত্তৰবহীক লৈ হোৱা বিবাদ বুলি জানিব পৰা গৈছে। বিবাদ ইমানেই বৃদ্ধি পালে যে বিবাদে গুলীচালনাৰ ৰূপ লয়। এই গুলীচালনাত আহত হয় দুজন ছাত্ৰ। আহত ছাত্ৰদুজন হৈছে অমিত কুমাৰ আৰু সঞ্জীত কুমাৰ। দুয়োজনেই আছিল ডেহৰী মুফাছিল থানা এলেকাৰ শম্ভু বিঘা গাঁৱৰ বাসিন্দা। ততাতৈয়াকৈ আহত ছাত্ৰ-ছাত্ৰীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। বৃহস্পতিবাৰে মাজনিশা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত অমিত কুমাৰৰ মৃত্যু হয়।  



ইতিমধ্যে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত সুমিত কুমাৰ নামৰ এজন ছাত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী অধীক্ষকে মন্তব্য কৰা অনুসৰি বাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈও আৰক্ষীয়ে অভিযান চলাই আছে।


Related

TWITTER

FACEBOOK