দেশৰ সেনা জোৱানক সুৰক্ষা প্ৰদান কৰা এটা বিশেষ মন্দিৰ

DY365
DY365
Published: January 19,2025 06:40 PM
DY365

Story highlights

দেশৰ সেনা জোৱানক সুৰক্ষা প্ৰদান কৰা এটা বিশেষ মন্দিৰ

১৯ জানুৱাৰী ২০২৫-  দেশৰ সেনা জোৱানক সুৰক্ষা প্ৰদান কৰা এটা বিশেষ মন্দিৰ
 
হিন্দু ধৰ্মৰ প্ৰতিটো মঠ-মন্দিৰৰে নিজস্ব গুৰুত্ব আছে। এই সকলোবোৰৰ মাজতে ভাৰতত অলৌকিক শক্তিৰ সৈতে জড়িত এনেকুৱা এটা মন্দিৰ আছে যিটো মন্দিৰত শত্ৰুপক্ষই হাজাৰ বাৰ চেষ্টা কৰিও কোনোধৰণৰ অনিষ্ঠসাধন কৰিব নোৱাৰিলে। এই বিশেষ মন্দিৰটো হৈছে ৰাজস্থানৰ জয়ছালমেৰৰ পৰা ১২০ কিলোমিটাৰ নিলগত অৱস্থিত তনোট মাতা মন্দিৰ। 
১২৫০ বছৰ পুৰণি এই মন্দিৰটোক অতি বিশেষ বুলি গণ্য কৰা হয়। কাৰণ পাকিস্তানী সেনাই মন্দিৰটোত ১৯৬৫ আৰু ১৯৭১ চনত ৩০০০ৰো অধিক বোমা নিক্ষেপ কৰিছিল যদিও এই মন্দিৰটোৰ কোনো ক্ষতি সাধন কৰিব পৰা নাছিল। 
এই মন্দিৰক যুদ্ধ দেৱীৰ মন্দিৰ বুলিও জনা যায়। এই মন্দিৰত স্তুতি মাতাই দেশৰ সৈন্যক সুৰক্ষা প্ৰদান কৰি আহিছে। তনোত মাতা হিংলাজ মাতাৰ অৱতাৰ, তাৰ পিছত তেওঁক কৰ্ণী মাতাৰ ৰূপত দেখা যায়।
উল্লেখ্য যে পাকিস্তানী সেনাই নিক্ষেপ কৰা জীৱন্ত বোমা এতিয়াও মন্দিৰৰ সংগ্ৰহালয়ত ৰখা হৈছে। মন্দিৰৰ আশে-পাশে থকা অঞ্চলত এতিয়াও বোমাৰ অংশ দেখিবলৈ পোৱা যায়। তনোত মাতাৰ মন্দিৰক অলৌকিক শক্তিৰ বাবে অতি বিশেষ বুলি গণ্য কৰা হয় আৰু এই মন্দিৰে সমগ্ৰ ভাৰততে স্বীকৃতি লাভ কৰিছে।


Related

TWITTER

FACEBOOK