১৬ ফেব্ৰুৱাৰী ২০২৫- এজন ব্যক্তিৰ নামত থাকিব নোৱাৰিব অধিক ছিম কাৰ্ড
যদি আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে, তেনেহলে সমস্যাৰ সন্মুখীন হ’ব পাৰে আপুনি। কাৰণ নতুন টেলিকম আইনমতে এজন ব্যক্তিৰ নামত থাকিব নোৱাৰিব ৯খনতকৈ একাধিক ছিম কাৰ্ড! ইতিমধ্যে টেলিকম কোম্পানীয়ে পুনৰীক্ষণ কৰি নিষ্ক্ৰিয় কৰিছে ১৩ লাখতকৈ অধিক ছিম। কেন্দ্ৰীয় মন্ত্ৰী পি চন্দ্ৰশেখৰে সংসদ জনাই ছিম কাৰ্ড বাতিলৰ তথ্য। বিগত বৰ্ষৰ জুন মাহত কেন্দ্ৰই প্ৰৱৰ্তন কৰিছিল নতুন টেলিকম আইন। এতিয়াৰে পৰা এজন ব্যক্তিৰ নামত থাকিব নোৱাৰিব ৯খনতকৈ একাধিক ছিম কাৰ্ড!
একে সময়তে যদি আপুনি টেলিকম আইনত নিৰ্ধাৰিত সীমাতকৈ অধিক চিম কাৰ্ড লৈছে, তেন্তে আপুনিও যথেষ্ট জৰিমনা ভৰিব লাগিব। যদি আপুনি বাৰে বাৰে নিয়ম উলংঘা কৰে তেন্তে আপুনি জেললৈও যাব পাৰে। প্ৰথমবাৰৰ বাবে আইন ভংগ কৰিলে হ'ব পাৰে ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমনা। পুনৰ অপৰাধ কৰিলে হ'ব পাৰে দুই লাখ টকা পৰ্যন্ত বৃহৎ পৰিমাণৰ জৰিমনা। লগতে বাৰে বাৰে অপৰাধ কৰাজনৰ হ'ব পাৰে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড। তথ্য অনুসৰি পশ্চিম বংগত সৰ্বাধিক চাৰি লাখৰো অধিক লোকৰ হাতত ৯ খনতকৈও অধিক ছিমকাৰ্ড। আইন অনুসৰি জম্মু-কাশ্মীৰ, অসম, উত্তৰ-পূবৰ ৰাজ্যত এজন ব্যক্তিয়ে সৰ্বাধিক ব্যৱহাৰ কৰিব পাৰে ছটা ছিম।