ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা, ১৮ জনৰ মৃত্যু

DY365
DY365
Published: February 16,2025 04:58 PM
DY365

Story highlights

ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা, ১৮ জনৰ মৃত্যু

 ১৬ ফেব্ৰুৱাৰী ২০২৫-  ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা, ১৮ জনৰ মৃত্যু 



নতুন দিল্লীৰ ৰে’লৱে ষ্টেচনত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এই ঘটনাত ১৮ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে এই ঘটনাত বহু লোকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। প্ৰয়াগৰাজ এক্সপ্ৰেছেৰে মহাকুম্ভলৈ যাবলৈ ভিৰ কৰিছিল লাখ-লাখ যাত্ৰীয়ে। তেনে সময়তে কতৃপক্ষই ৰে’লখন প্ৰথমে ১৪নং প্লেটফৰ্মত আহিব বুলি ঘোষণা কৰিছিল। কিন্তু হঠাতেই প্লেটফৰ্ম সলনি কৰি ১৬ নম্বৰ প্লেটফৰ্মত আহিব বুলি ঘোষণা কৰা হৈছিল ৰে’লখন। লগে লগে যাত্ৰীসকলৰ মাজত দৌৰা- দৌৰী লাগিছিল। ফলত যাত্ৰীৰ ভিৰৰ ঠেলা-হেচাত বৰ্তমানপৰ্যন্ত ১৮ জনকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱালে। খবৰ অনুসৰি , দিল্লী আৰক্ষীয়ে এই ভয়ংকৰ দুৰ্ঘটনাৰ চিচিটিভিৰ ফুটেজ বিশ্লেষণ কৰি তদন্ত আৰম্ভ কৰিছে।



আনহাতে এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰেলৱেই। ইণ্ডিয়ান ৰেলৱেই মৃতকৰ পৰিয়ালক ১০ লাখ, গুৰুতৰভাৱে আহতক ২.৫ লাখ আৰু নাবালক আহতক ১ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।



এই ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। X হেন্দেলত মোদীয়ে লিখিছে 'নতুন দিল্লী ৰে’লৱে ষ্টেচনত হোৱা হুলস্থুলত মই দুখী। আপোনজনক হেৰুৱাই পেলোৱাসকলৰ প্ৰতি মোৰ সহানুভূতি জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। এই ভয়াবহতাত ক্ষতিগ্ৰস্ত লোকসকলক চিনাক্ত কৰিবলৈ প্ৰশাসনে চেষ্টা চলাইছে।'



আনহাতে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে টুইটাৰত লিখিছে, 'এই ঘটনাই পুনৰবাৰ ৰে’লৱেৰ বিফলতা আৰু চৰকাৰৰ সংবেদনহীনতাক উজ্জ্বল কৰি তুলিছে। প্ৰয়াগৰাজলৈ যোৱা ভক্তৰ বৃহৎ সংখ্যকৰ কথা বিবেচনা কৰিলে ষ্টেচনত উন্নত ব্যৱস্থা কৰা উচিত আছিল। চৰকাৰ তথা প্ৰশাসনে যাতে কোনো লোকে অপব্যৱস্থাপনা আৰু গাফিলতিৰ বাবে প্ৰাণ হেৰুৱাব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।'


Related

TWITTER

FACEBOOK