২ ফেব্ৰুৱাৰী ২০২৫- WHOৰ সতৰ্কবাণী! দৈনিক কিমান পৰিমানৰ নিমখ খায় আপুনি?
খাদ্যত যিমানেই মছলা নিদিয়ক কিয়, নিমখ অবিহনে খাদ্য কিন্তু সোৱাদহীন হয়। কিন্তু নিমখ বেছিকৈ সেৱন কৰা উচিত নহয় কাৰণ ই মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। বিশ্ব স্বাস্থ্য সংস্থায়ো নিমখ কমকৈ সেৱন কৰিবলৈ আহ্বান জনাইছে। WHOৰ মতে সাধাৰণ নিমখৰ পৰিৱৰ্তে খাদ্যত পটাছিয়াম সমৃদ্ধ কম ছডিয়ামযুক্ত নিমখ ব্যৱহাৰ কৰিব লাগে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতিদিনে ২ গ্ৰাম ছডিয়ামৰ ব্যৱহাৰ হ্ৰাস কৰাৰ পৰামৰ্শ দিছে।
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি এজন ব্যক্তিয়ে প্ৰতিদিনে ৫ গ্ৰাম নিমখ সেৱন কৰিব লাগে, কিন্তু ভাৰতীয় মানুহে প্ৰতিদিনে গড়ে ১০ গ্ৰাম নিমখ সেৱন কৰে। অধিক পৰিমাণে নিমখ খালে শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত শাৰীৰিক বহু সমস্যাৰ সৃষ্টি হয়।
স্বাস্থ্যৰ বাবে অতিৰিক্ত নিমখ খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক। নিমখ খালে ৰক্তচাপ দ্ৰুতগতিত বৃদ্ধি পায়। ইয়াৰ ফলত হাৰ্ট এটেক আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও নিমখৰ অত্যধিক ব্যৱহাৰে ব্যক্তিৰ বৃক্ক, যকৃত আৰু তেজতো প্ৰভাৱ পেলায়। অতিৰিক্ত নিমখ সেৱন কৰিলে শিৰাত পানীৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত বহু ধৰণৰ ৰোগ হ’ব পাৰে। এনে পৰিস্থিতিত ভাৰতীয় জনসাধাৰণে বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি-নিৰ্দেশনা মানি চলিব লাগে।
অত্যধিক নিমখ খোৱাৰ ক্ষতিকাৰক প্ৰভাৱ
ৰক্তচাপ বৃদ্ধি পায়
হৃদৰোগ সমস্যাই দেকা দিয়ে
হাড় দুৰ্বল হয়
পেটৰ সমস্যাই দেখা দিয়ে
বৃক্কৰ ৰোগ হ'ব পাৰে
ওজন বৃদ্ধি পায়
ছালৰ সমস্যাই দেখা দিয়ে।