১০ মাৰ্চ, ২০২৫: আজিকালি বেয়া জীৱনশৈলীৰ বাবে মানুহ বহু গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা দেখা পোৱা যায় আৰু সেই ৰোগৰ বাবে গোটেই জীৱন ভুগিবলগীয়া হয়। আৰু তেনে এবিধ ৰোগ হৈছে মধুমেহ বা ডায়েবেটিছ। ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ শৰীৰে চেনি অৰ্থাৎ গ্লুক’জ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয় যাৰ বাবে তেওঁলোক ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়। ডায়েবেটিছ ৰোগীয়ে খাদ্যৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। খাদ্য সামগ্ৰীৰ ভিতৰত অধিক পৰিমাণৰ চেনি থকা খাদ্য নাখাবলৈ ডাক্তৰেও পৰামৰ্শ দিয়ে। এই খাদ্য সামগ্ৰীৰ ভিতৰত কিছুমান ফল-মূলো আছে, যিসমূহ ডায়েবেটিছ ৰোগীয়ে খালে ই বিহৰ দৰে কাম কৰে বুলি বিশেষজ্ঞই ক'ব খোজে।
ডায়েবেটিছ ৰোগীয়ে খাব নোৱৰা তালিকাৰ প্ৰথম ফলবিধ হৈছে কল । কলত কেৱল চেনিয়েই নহয়, কাৰ্বহাইড্ৰেটৰ পৰিমাণো বহুত বেছি থাকে। এই দুবিধে শৰীৰত গ্লুক'জৰ মাত্ৰা বৃদ্ধি কৰাৰ সম্ভাৱনা থাকে আৰু এইটো কাৰণতেই ডায়েবেটিছ ৰোগীক কল খোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা হয়।
আঙুৰো এনে ফলৰ ভিতৰত অন্যতম আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকে আঙুৰ খোৱাৰ বিৰত থাকিব লাগে। আঙুৰতো গ্লুক'জৰ পৰিমাণ অতি বেছি। ইয়াৰ গ্লাইচেমিক সূচকাংকও অতি উচ্চ, যিয়ে শৰীৰত চেনিৰ ভাৰসাম্য বিঘ্নিত কৰে।
আমক ফলৰ ৰজা বুলি গণ্য কৰা হয় যদিও আমৰ গ্লাইচেমিক ইণ্ডে বেট অতি বেছি। ইয়াৰ লগতে ইয়াত যথেষ্ট পৰিমাণৰ চুক্ৰ’জ আৰু ফ্ৰুক্ট’জও থাকে। গতিকে ডায়েবেটিছ ৰোগীয়ে ইয়াৰ পৰা আঁতৰি থাকিব লাগে।
গ্ৰীষ্মকালত হোৱা এবিধ ফল হৈছে বাঙী। বাঙীতো প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক চেনি থাকে আৰু ডায়েবেটিছ ৰোগীয়ে খালে গ্লুক'জৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।