ঘৰুৱা উপায়েৰে কেনেদৰে ডায়েবেটিছক নিয়ন্ত্ৰণ কৰিব?

DY365
DY365
Published: October 20,2024 05:41 PM
DY365

Story highlights

ঘৰুৱা উপায়েৰে কেনেদৰে ডায়েবেটিছক নিয়ন্ত্ৰণ কৰিব?

২০ অক্টোবৰ,২০২৪- ঘৰুৱা উপায়েৰে কেনেদৰে ডায়েবেটিছক নিয়ন্ত্ৰণ কৰিব? 



ডায়েবেটিছ হৈছে মানুহৰ জীৱনশৈলীৰ সৈতে জড়িত এক অতি ভয়াৱহ ৰোগ। নিজৰ জীৱনশৈলী শুধৰাইহে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। যদি আপুনি এই ৰোগৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে খাদ্যাভ্যাস উন্নত কৰি নিয়মিতভাৱে ব্যায়াম কৰক। আনহাতে ঔষধৰ উপৰিও ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান ঘৰুৱা উপায়ো আপুনি অৱলম্বণ কৰিব পাৰে। ডায়েবেটিছ ৰোগীয়ে মেথিগুটি সেৱন কৰিব লাগে।মেথিত এনে এবিধ আঁহ থাকে যিয়ে শৰীৰৰ কাৰ্বহাইড্ৰেট আৰু চেনিৰ হজম আৰু শোষণ লেহেমীয়া কৰে। ইণ্টাৰনেশ্যনেল জাৰ্নেল ফৰ ভিটামিন এণ্ড নিউট্ৰিচন ৰিচাৰ্চত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে দৈনিক ১০ গ্ৰাম মেথিৰ গুটি গৰম পানীত তিয়াই খালে টাইপ-২ ডায়েবেটিছ নিয়ন্ত্ৰণত সহায়ক হয়। মেথি গুটিৰ পানীয়ে ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ তেজৰ চেনি হ্ৰাস কৰে। আনহাতে মেদবহুলতা সমস্যাতো মেথিগুটি সেৱন উপকাৰী। যদি আপোনাৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাইছে তেন্তে আপোনাৰ খাদ্যত মেথি অন্তৰ্ভুক্ত কৰিব পাৰে। মেথিৰ পানী খালে কেলৰি সেৱন কমি যায় যাৰ ফলত ওজন হ্ৰায় হয়।মেথি সেৱনে বেয়া কলেষ্ট্ৰৰেল হ্ৰাস কৰে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে।
কেনেকৈ সেৱন কৰিব মেথি গুটি?
ৰাতি আধা চামুচ মেথি গুটি একাপ পানীত তিয়াই থব। এই পানীখিনি ৰাতিপুৱা খালী পেটত খাব লাগে আৰু মেথি গুটিখিনি চোবাই খাব লাগে। যদি আপুনি মেথিৰ গুটি খাব নোৱাৰে তেন্তে মেথিৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে।


Related

TWITTER

FACEBOOK