১০০খন দেশৰ প্ৰায় ২৫০০ হাজাৰ ছবিগৃহত মুক্তি পালে ‘পাঠান’

DY365
DY365
Published: January 25,2023 09:10 AM
DY365

Story highlights

১০০খন দেশৰ প্ৰায় ২৫০০ হাজাৰ ছবিগৃহত মুক্তি পালে ‘পাঠান’

২৫ জানুৱাৰী ২০২৩ঃ  আজি দেশে বিদেশে মুক্তি পালে বহু বিতৰ্কিত ছবি ‘পাঠান’। ১০০খন দেশৰ প্ৰায় ২৫০০ হাজাৰ ছবিগৃহত প্ৰথম দিনাই মুক্তি লাভ কৰিলে ছবিখনে। মুক্তিৰ পূৰ্বেই বিতৰ্কৰ সুচনা কৰা ‘পাঠান’ক লৈ বিক্ষোভ অব্যাহত আছে। BOOK MY SHOWত মুক্তিৰ পূৰ্বেই বিক্ৰী হৈছে এক মিলিয়ন টিকট। INOX চিনেমাত এতিয়ালৈকে বিক্ৰী হ’ল ২.৭ লাখ টিকট। ২০ জানুৱাৰীৰ পৰা অনলাইনত মুকলি কৰি দিয়া হৈছিল টিকট।  প্ৰায় ৫  হাজাৰ ছবিঘৰত মুক্তি দিয়া হ’ব শ্বাহৰুখ খানৰ ছবি ‘পাঠান’। পুৱা ৬ বজাৰ শ্ব’ত মুক্তি পোৱা শ্বাহৰুখ খান অভিনীত এইখন প্ৰথম ছবি। 



 



ওঁম শান্তি ওঁমৰ পাছত শ্বাহৰুখ-দীপিকা যুটীৰ চতুৰ্থ ছবি ‘পাঠান’। ওঁম শান্তি ওঁম, চেন্নাই এক্সপ্ৰেছ আছিল দুয়োৰে ব্লক বাষ্টাৰ ছবি। পাঠানত বিশেষ চৰিত্ৰত জন আব্ৰাহম, আশুতোষ ৰাণা, ডিম্পল কাপাডিয়া অভিনয় কৰিছে। ছবিখনে প্ৰথম দিনাই ৪৫-৫০ কোটিৰ ব্যৱসায়ৰ কৰাৰ আশা। মুক্তিৰ প্ৰাক নিশাও দেশৰ ভিন্ন প্ৰান্তত চলিল পাঠানৰ বিৰুদ্ধে প্ৰতিবাদ। অসমৰ প্ৰায়কেইখন  জিলাৰ প্ৰধান ছবিঘৰত মুক্তি পালে পাঠানে। গুৱাহাটীৰ লগতে ৰাজ্যৰ ভালে সংখ্যক ছবিঘৰত পুৱাৰে পৰা দৰ্শকৰ ভিৰ। প্ৰথম দৰ্শনীতে বিতৰ্কিত ছবিখন ছাবলৈ ভিৰ লাগিল দৰ্শকৰ। 
 


Related

TWITTER

FACEBOOK