মই মোৰ স্বামীৰ লগত.. মহিলাৰ কাণ্ড দেখি চকু কপালত বেংক বিষয়াৰ

DY365
DY365
Published: January 24,2025 01:21 PM
DY365

Story highlights

মই মোৰ স্বামীৰ লগত.. মহিলাৰ কাণ্ড দেখি চকু কপালত বেংক বিষয়াৰ

২৪ জানুৱাৰী ২০২৫-  মই মোৰ স্বামীৰ লগত.. মহিলাৰ কাণ্ড দেখি চকু কপালত বেংক বিষয়াৰ 



টকা ৰখাৰ আটাইতকৈ নিৰাপদ ঠাই বেংক। কম বেছি পৰিমাণে সকলোৱে কোনো এটা সময়ত বেংকলৈ গৈ টকা উলিয়াব বা জমা কৰিব লগা হয়। নিয়মিতভাৱে বেংকলৈ যোৱা যিকোনো ব্যক্তিয়েই কোনো নথি-পত্ৰৰ সৈতে পৰিচিত। আৰু সেয়া হ’ল পে ইন স্লিপ। কিন্তু শেহতীয়াকৈ এগৰাকী মহিলাৰ পে স্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মহিলাগৰাকীয়ে পে স্লিপত যি লিখিছে সেয়া দেখি আচৰিত হৈছে সকলো। 
এটা ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা এই হাস্যকৰ কাণ্ডটো পোষ্ট কৰা হৈছে। ভাইৰেল হোৱা পোষ্টটোৰ মতে, পে ইন স্লিপখন ভাৰতীয় ষ্টেট বেংকৰ। স্লিপত লিখা মহিলাগৰাকীৰ নাম হৈছে ৰাধিকা শৰ্মা। স্লিপখনত মহিলাগৰাকীৰ একাউণ্ট নম্বৰো আছে। ভাইৰেল হোৱা স্লিপ অনুসৰি মহিলাগৰাকীয়ে ১০ হাজাৰ টকা জমা কৰিব বিচাৰিছে। কিন্তু আচল হাস্যকৰ কথাটো হ’ল মহিলাগৰাকীয়ে চেকখন জমা কৰিবলৈ পূৰ কৰা সবিশেষ লিখাখিনি। স্লিপত লিখা চেক বা চেকৰ সবিশেষৰ ঠাইত ৰাধিকা শৰ্মা নামৰ মহিলাগৰাকীয়ে লিখিছে যে তেওঁ স্বামীৰ সৈতে কুম্ভমেলালৈ যাব লাগে। ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে হাস্যৰসৰ। 
আনহাতে বহুতে সেই পোষ্টটোৰ কমেণ্ট বক্সত লিখিছিল যে স্লিপখন পঢ়াৰ পিছত এতিয়া বেংকৰ মেনেজাৰজন ক’মাত আছে। কিন্তু এই সকলোবোৰ ধেমেলীয়া ৰূপত লিখা।


Related

TWITTER

FACEBOOK