অক্ষয় কুমাৰৰ লগত এক ভয়ংকৰ কাণ্ড কৰিলে টাইগাৰ শ্ৰফে!

DY365
DY365
Published: April 1,2024 05:35 PM
DY365

Story highlights

অক্ষয় কুমাৰে এনে কি কাম কৰিলে যি দৃশ্য দেখি হাঁহি ৰখাব নোৱাৰিলে কোনোৱেও...


১ এপ্ৰিল,২০২৪: বড়ে মিঞাক কিদৰে এপ্ৰিল ফুল বনালে ছোটে মিঞাই ? বহুচৰ্চিত আহিবলগীয়া ছবি ‘বড়ে মিঞা ছোটে মিঞা’ মুক্তি পাবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ছবিখনৰ মুক্তিক লৈ ইতিমধ্য ব্যাপক প্ৰচাৰো চলাই থকা হৈছে। কিন্তু তাৰ মাজতে ‘বড়ে মিঞা ছোটে মিঞা’ অৰ্থাৎ অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ এটা ভাইৰেল ভিডিঅ’ই যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে। যিটো ভিডিঅ’ দেখিলে আপুনিও হাঁহি ৰখাব নোৱাৰিব। এটা ক’ল্ড ড্ৰিংকছৰ বটল ছোটে মিঞাই অৰ্থাৎ টাইগাৰ শ্ৰফে ভালকৈ জোকাৰি থৈ খেল খেলাত ব্যস্ত হৈ পৰে, সেই সময়তে বড়ে মিঞা অৰ্থাৎ অক্ষয় কুমাৰে দৌৰি আহি সেই স্থানত উপস্থিত হয় আৰু টাইগাৰ শ্ৰফে সেই ক’ল্ড ড্ৰিংকছৰ বটলটো অক্ষয় কুমাৰক খুলি দিবলৈ অনুৰোধ কৰে। অক্ষয় কুমাৰে বটল খোলাৰ লগে লগে বটলৰ ভিতৰত থকা ক’ল্ড ড্ৰিংকছখিনি অক্ষয় কুমাৰৰ মুখলৈ ছিটিকি পৰে আৰু সেই দৃশ্য দেখি টাইগাৰ শ্ৰফসহিতে সকলোৱে হাঁহিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত অক্ষয় কুমাৰেও বাকী থকা বটলৰ ক’ল্ড ড্ৰিংকছখিনি সকলোৰে ওপৰত ধেমালিতে পেলাই দিয়ে। টাইগাৰ শ্ৰফে নিজৰ একাউণ্টত শ্বেয়াৰ কৰা সেই ভিডিঅ’টোৱে অনুৰাগীৰ মাজতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।




Related

TWITTER

FACEBOOK