১০ মাৰ্চ,২০২৫: মানৱ সমাজক কলংকিত কৰা এক ভয়ংকৰ ঘটনা সংঘটিত এইবাৰ ৰাজ্যত। ডাইনীৰ সন্দেহত এগৰাকী মহিলাক নদীত পেলাই দিয়াৰ অভিযোগ। কেৱল নদীত পেলাই দিয়াই নহয় মহিলাগৰাকীক অকথ্য নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছে।
ডিব্ৰুগড়ৰ ৰমাইৰ ১নং ৰাজগড়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অন্ধবিশ্বাসৰ বলি হৈ মহিলা গৰাকীৰ স্বামীকো প্ৰহাৰৰ অভিযোগ। ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত মহিলা গৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছে।