আগন্তুক ৫ দিনত ৰাজ্যত বতৰে ল’ব পাৰে কালৰূপ !

DY365
DY365
Published: May 4,2024 08:40 AM
DY365

Story highlights

২৪ ঘণ্টাত বতৰে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা অসমকে ধৰি উত্তৰ–পূবৰ কেইবাখনো ৰাজ্যত। ৰাজ্যৰ ভিন্ন ঠাইত হ’ব পাৰে ধুমুহা–শিলাবৃষ্টিলৈও সতৰ্কবানী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

৪ মে',২০২৪: আগন্তুক ৫ দিনত ৰাজ্যত বতৰে ল’ব পাৰে কালৰূপ । ২৪ ঘণ্টাত বতৰে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা অসমকে ধৰি উত্তৰ–পূবৰ কেইবাখনো ৰাজ্যত। ৰাজ্যৰ ভিন্ন ঠাইত হ’ব পাৰে ধুমুহা–শিলাবৃষ্টিলৈও সতৰ্কবানী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।  



ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা–বজ্ৰপাতৰ আগজাননী দিয়া হৈছে অসমকে ধৰি সমগ্ৰ উত্তৰ–পূবৰ কেইবাখনো ৰাজ্যলৈ। ৰাজ্যত ধুমুহা–বৰষুণৰ লগতে বিজুলী–ঢেৰেকনিৰো পূৰ্ণ সম্ভাৱনা আছে।  ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে সতৰ্কবানী জাৰি কৰা হৈছে । 



বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে সদৰী কৰিছে এই তথ্য যে'  আজি আৰু কাইলৈৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে। ৭ মে’পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ’ব পাৰে ধাৰাষাৰ বৃষ্টিপাতৰ সম্ভাৱনা আছে আৰু   ইয়েল্ল’ আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।বিগত দুসপ্তাহে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰে লৈছে কালৰূপ । 



 


Related

TWITTER

FACEBOOK