চুৰি কৰিবলৈ আহি প্ৰথমে খালে অমলেট-ভাত, তাৰ পিছত লুটি নিলে আ অলংকাৰ

DY365
DY365
Published: January 31,2025 05:09 PM
DY365

Story highlights

চুৰি কৰিবলৈ আহি প্ৰথমে খালে অমলেট-ভাত, তাৰ পিছত লুটি নিলে আ অলংকাৰ

৩১ জানুৱাৰী ২০২৫- চুৰি কৰিবলৈ আহি প্ৰথমে খালে অমলেট-ভাত, তাৰ পিছত লুটি নিলে আ অলংকাৰ



ৰাজ্যত সংঘটিত হৈছে এক আজৱ ধৰণৰ চুৰি-কাণ্ডৰ ঘটনা। নিশা ঘৰত কোনো নথকাৰ সুযোগতে চোৰৰ দলে লুটপাত চলালে চামগুৰিৰ গেন্ধালি বেবেজীয়াৰ এটা পৰিয়ালত। বেবেজীয়াৰ দিপ্তীমা ফুকন নামৰ মহিলাগৰাকীৰ ঘৰৰ পৰা চোৰে লুটি নিলে বাৰ লক্ষাধিক টকা মূল্যৰ সোণৰ আ অলংকাৰৰ লগতে আন বহু মূল্যবান সা-সামগ্ৰী। কেৱল লুটপাত কৰাই নহয় চোৰৰ দলে প্ৰথমে পাকঘৰত সোমাই ভাত ৰান্ধি খাই বৈ কিছু সময় বিছনাত জিৰণি ললে আৰু তাৰ পিছত আৰামত সংঘটিত কৰিলে চুৰি কাৰ্য। আনকি চোৰে চুৰি কৰি যোৱাৰ সময়ত মহিলাগৰাকীৰ ঘৰত সংস্থাপিত চি চি কেমেৰাৰ হাৰ্ড ডিস্ক খুলি লৈ যাবলৈও নাপাহৰিলে।
  উল্লেখ্য যে পিছদিনা গৃহস্থ ঘৰলৈ অহাৰ পিছতহে এই চুৰি কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। লগে লগে ঘৰৰ মুৰব্বীয়ে চামগুৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই উক্ত চুৰি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত কৰণ হেন্দিক  নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে।


TWITTER

FACEBOOK