২৭ জানুৱাৰী,২০২৪: আন ভয়ংকৰ কাণ্ডই কঁপাই গ'ল ৰাজ্য । বনভোজলৈ আহি বন্ধুৱে বন্ধুক অপহৰণ কৰাৰ দৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীত। এই অপহৰণ কাণ্ড সংঘটিত কৰিছে সাংবাদিক আৰু 108ৰ কৰ্মীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই অপহৰণ কাণ্ডৰে জড়িত দুই যুৱক। প্ৰাগজ্যোতিষপুৰ আৰু পানীখাইতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অপহৰণকাৰীক। এটা প’ৰ্টেলৰ সাংবাদিক নুৰুল আমিন আৰু 108ৰ কৰ্মী মমিনুল হকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিহাৰত বি টেক পঢ়ি থকা ইলিয়াছ আহমেদক অপহৰণ কৰিছিল বন্ধুৱে।
দেওবাৰে পানীখাইতিলৈ ৬ বন্ধুৱে মিলি বনভোজ খাবলৈ গৈছিল। বনভোজস্থলীৰ পৰাই মমিনুল আৰু নুৰুল আমিনে অপহৰণ কৰে ইলিয়াছক। অপহৃত ইলিয়াছৰ পিতৃক ফোনযোগে অপহৰণকাৰীয়ে ধন দাবী কৰিছিল । বিচৰা ধন নিদিলে ইলিয়াছক প্ৰাণে মৰাৰ ভাবুকি দিছিল। ১০ লাখ টকাৰ ধন দাবী কৰিছিল ২ অপহৰণকাৰীয়ে ইলিয়াছ আহমেদৰ পিতৃক। পিতৃয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে মোবাইলৰ লোকেছন চাই নাৰেংগী ফৰেষ্টগেটৰ এটা পেট্ৰল পাম্পৰ সমীপৰ পৰা অপহৰণকাৰী দুই যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে ছাত্ৰ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।