২৫ ডিচেম্বৰ,২০২৪- DRINK AND DRIVEক লৈ কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন।
দুৰ্ঘটনা মুক্ত কৰাৰ লক্ষ্যৰে সুৰাপায়ী চালকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই অধিক কঠোৰ হৈছে যান-বাহন আৰক্ষী।বৰদিন, ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যান-বাহন আৰক্ষীৰ বৃহৎ অভিযানৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানতো চলিছে যান বাহন আৰক্ষী-মহানগৰ আৰক্ষীৰ যৌথ অভিযান। আৰক্ষী-প্ৰশাসন-পৰিবহণ বিভাগৰে বৈঠকত অন্তত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ‘নৱবৰ্ষ, মাঘ বিহুৰ সময়ত আৰক্ষীয়ে প্ৰস্তুত কৰক কঠোৰ SOP’। একাংশ ‘সুৰামত্ত চালকৰ বাবে নিশা ১০ বজাৰ পিছত ৰাজপথত ওলাব নোৱাৰে জ্যেষ্ঠ নাগৰিক’। যাৰ বাবে পুৱাৰে পৰা নিশালৈ সুৰাপায়ী চালকৰ বিৰুদ্ধে সক্ৰিয় ৰূপত থাকিব যান-বাহন আৰক্ষী। নিশা বাৰৰ পৰা উভতি অহা লোকৰ ওপৰতো অভিযান চলাব আৰক্ষীয়ে। কাৰণ ‘সুৰাপায়ী চালকৰ বাবেই বিপদত পৰে ৰাজপথৰ সাধাৰণ লোক। লগতে ১০০ স্পীডত বাইক চলোৱাসকলো সাৱধান হওঁক। কাৰণ ১০০-১২০ স্পীডত বাইক চলোৱা উদণ্ড চালকসকলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।‘এইসকল উদণ্ড চালকে নিজেও মৰে, আনকো মাৰে’- গতিকে উদণ্ড চালকৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।আনহাতে নৱবৰ্ষৰ পূৰ্বৰে পৰা মাঘ বিহুলৈ বনভোজকাৰী দলৰ ওপৰতো থাকিব চোকা নজৰ ৰাখিব আৰক্ষীয়ে।পুৱা কুঁৱলী আঁতৰি নোযোৱা পৰ্যন্ত যাত্ৰা কৰিব নোৱাৰিব বনভোজকাৰী দলে।আন্ধাৰ হোৱাৰ পূৰ্বেই উভতিব লাগিব বনভোজস্থলীৰ পৰা।বনভোজকাৰী দলৰ পলম হ’লেই আৰক্ষীয়ে বনভোজকাৰী দলৰ ওপৰতো ব্যৱস্থা ল’ব। ডিব্ৰুগড়ত অনুষ্ঠিত বৈঠকত অসম আৰক্ষী তথা প্ৰশাসনক এনেদৰেই স্পষ্ট নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে।