দুদিনৰ বাবে স্কুল-কলেজ ঘোষণা চৰকাৰৰ

DY365
DY365
Published: May 6,2024 01:28 PM
DY365

Story highlights

প্ৰচণ্ড শিলাবৃষ্টিৰ পিছতেই ভয়ংকৰ পৰিস্থিতি  উত্তৰ-পূৰ্বত । শিক্ষানুষ্ঠান বন্ধ ঘোষণা চৰকাৰৰ।

৬ মে'২০২৪: বতৰে লৈছে কালৰূপ। বতৰ বিজ্ঞান কেন্দ্ৰই  উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যলৈ জাৰি কৰা হৈছে সতৰ্কবানী ।   ধুমুহা–শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বিভিন্ন প্ৰান্তত।   প্ৰচণ্ড শিলাবৃষ্টিৰ পিছতেই ভয়ংকৰ পৰিস্থিতি  উত্তৰ-পূৰ্বত। । 



দুদিনৰ বাবে স্কুল–কলেজ বন্ধ ঘোষণা কৰিছে মণিপুৰল চৰকাৰে।  প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি–ধুমুহাৰ বাবে হাহাকাৰ পৰিস্থিতি মণিপুৰত। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাজপথ ভৰি পৰিছে  শিলেৰে ।  শিলাবৃষ্টিৰ পিছতেই কাশ্মীৰ সদৃশ পৰিৱেশ মণিপুৰত।  





মণিপুৰত প্ৰকৃতিৰ কাল ৰূপৰ বাবে ইম্ফলৰ কেইবাটাও প্ৰান্তত বিস্তৰ ক্ষতিসাধন।  প্ৰচণ্ড বৰষুণ-ধুমুহা- শিলাবৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি ৬ আৰু ৭ মে’ত স্কুল বন্ধ ঘোষণা কৰিছে চৰকাৰে। ৰাজ্যবাসীক এই কথা জনালে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে । 
 


Related

TWITTER

FACEBOOK