৩ ফেব্ৰুৱাৰী ২০২৫- বাগদেৱীৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত চৌপাশ। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে সৰস্বতী পূজা।
এইবাৰ কালি আৰু আজি দুদিনীয়াকৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা কৰা হৈছে। বেদ-মন্ত্ৰৰ ধ্বনিৰে মুখৰিত শিক্ষানুষ্ঠানসমূহ, প্ৰতিষ্ঠান সমূহ। সৰস্বতী মা প্ৰতিটো মণ্ডপ বেদ-মন্ত্ৰৰ ধ্বনি, শংখধ্বনি, মন্ত্ৰোচ্চাৰণ, হোমাগ্নিৰে মুখৰিত হৈ পৰিছে। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে প্ৰতিখন শিক্ষানুষ্ঠানসমূহ, প্ৰতিষ্ঠানত ।
আনহাতে দেৱী সৰস্বতীৰ পূজা কৰিলে বগা বা হালধীয়া ৰঙৰ ফুল দিব লাগে। পূজা স্থলীতে নৈবৰ্দ্য হিচাপে কল আগবঢ়াব পাৰিলে ভাল হয়। লগতে পূজাৰ যি স্থানত ভোগ প্ৰস্তুত কৰে, সেই ঠাইত আপুনি হালধি, মগু দালি, বুটৰ দালি ভোগৰ সামগ্ৰী হিচাবে দিব পাৰিলে আপোনাৰ ক্ষেত্ৰত ভাল হয়। যদিহে ছাত্ৰ-ছাত্ৰী সকলে পঢ়াৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈ আছে তেতিয়া নিমখৰ পেকেট আগবঢ়াব পাৰে।