কংগ্ৰেছ এটা নিৰ্লজ্জ দল-মুখ্যমন্ত্ৰী

DY365
DY365
Published: December 25,2024 07:25 PM
DY365

Story highlights

কংগ্ৰেছ এটা নিৰ্লজ্জ দল-মুখ্যমন্ত্ৰী

২৫ ডিচেম্বৰ,২০২৪- কংগ্ৰেছ এটা নিৰ্লজ্জ দল-মুখ্যমন্ত্ৰী



 ‘কংগ্ৰেছ এটা নিৰ্লজ্জ দল, কংগ্ৰেছৰ গাত লাজ বোলা বস্তুৱেই নাই। লাজৰ সংজ্ঞাই নাজানে কংগ্ৰেছীয়ে। সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰক লৈ বিজেপি-কংগ্ৰেছৰ মাজত মুকলি সংঘাত দেখিবলৈ পোৱা গৈছে। দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি গণতন্ত্ৰক হত্যা কৰা কংগ্ৰেছে আকৌ সংবিধান যাত্ৰা কৰে। পলিটিকেল মাইলেজ লবৰ কাৰণেই কংগ্ৰেছে এতিয়া আম্বেদকাৰৰ নাম লৈছে। কংগ্ৰেছত টাৰ্গেট কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।   গণতন্ত্ৰক ধূলিস্যাত্‍ কৰা কংগ্ৰেছৰ কাৰ্যকালত আম্বেদকাৰৰ নামত এখনো প্ৰাথমিক বিদ্যালয় নহ’ল, আম্বেদকাৰৰ প্ৰতিমূৰ্তিত কোনোদিনেই কংগ্ৰেছীয়ে মালা এডাল দি পোৱা নাই, সেই কংগ্ৰেছীয়ে আম্বেদকাৰৰ নাম মুখত ললে শোভা নাপায়। দেশবাসীয়ে এতিয়া কংগ্ৰেছৰ কথা নুশুনে গতিকে পাৰিলে কংগ্ৰেছীসকলে গৈ মুম্বাইৰ ফিল্ম ইণ্ডাষ্ট্ৰীত গৈ কাম কৰক। 
মুখ্যমন্ত্ৰীৰ এনে আক্ৰমণৰ পিছতেই তাৎক্ষণিক প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতৃত্বৰ। ভাৰতৰত্ন ৰাজীৱ গান্ধীক বিজেপিয়ে কি সন্মান দিছে মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন ভূপেন বৰাৰ। বিজেপিয়ে কেতিয়াবা ইন্দিৰা গান্ধীৰ সমাধিলৈ গৈ পাইছে নেকি বুলি প্ৰশ্ন কৰি ভূপেন বৰাৰ মন্তব্য আম্বেদকাৰক লৈ যদি কংগ্ৰেছে কিবা কৰিবলৈ বাকী আছে কংগ্ৰেছ শাসনলৈ আহিলে নিশ্চয় কৰিব। মুখ্যমন্ত্ৰীয়ে যিবোৰ শব্দ ব্যৱহাৰ কৰে অসমীয়াৰ শালীনতাৰ ভিতৰত নপৰে
 বুলিও তাচ্চিল্য কৰি কংগ্ৰেছ সভাপতিগৰাকীৰ মন্তব্য মৃতদেহ ঠেলাত লৈ, আলু পিয়াজৰ মালা পিন্ধি কংগ্ৰেছে আন্দোলন কৰা নাই, এইবোৰ আন্দোলনৰ নৌটংকী বিজেপিৰহে আছিল।


TWITTER

FACEBOOK